সন্ধান কেতিয়া? দিখৌৰ পাৰত দিনে-ৰাতিয়ে উচুপিছে হৰেণ বৰাৰ আত্মীয়, চাওক ভিডিঅ’

সন্ধান কেতিয়া? দিখৌৰ পাৰত দিনে-ৰাতিয়ে উচুপিছে হৰেণ বৰাৰ আত্মীয়, চাওক ভিডিঅ’

ডিজিটেল সংবাদ, শিৱসাগৰঃ দিখৌ পাৰত হৰেণ বৰা আৰু তেওঁৰ পত্নীৰ পৰিয়াল কান্দোনত ভাঙি পৰিছে। শনিবাৰৰ পৰা আজিলৈকে দীৰ্ঘসময় ধৰি উদ্ধাৰ অভিযান চলাইছে যদিও, এতিয়ালৈকে উদ্ধাৰ হোৱা নাই হৰেণ বৰাৰ পৰিয়ালৰ কোনো এজন লোক আৰু তেওঁ চলাই যোৱা ছুইফট ডিজায়াৰ গাড়ীখন। কিছুদিনৰ পূৰ্বে গুৱাহাটীত হৰেণ বৰাৰ চিটি বাছখনো দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাত আহত হৈছিল চিটিবাছখনত থকা ৩০জন যাত্ৰী।

ইফালে, উদ্ধাৰ অভিযানক লৈ ক্ষোভিত হৈ পৰিছে হৰেণ বৰাৰ লগতে হৰেণ বৰাৰ পত্নীৰ পৰিয়াল। পৰিয়ালৰ লোকৰ দাবী শিৱসাগৰ জিলা প্ৰশাসনে উদ্ধাৰ অভিযানত যথেষ্ট হেমাহি কৰিছে। যোৱা দিন ধৰি দিখৌৰ পাৰতে কটাইছে হৰেণ বৰাৰ আত্মীয়-স্বজনে। ইমান এক শোকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো দায়িত্ব সহকাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই উদ্ধাৰ অভিযান তদাৰক নকৰাৰ অভিযোগ উত্থাপন কৰিছে হৰেণ বৰাৰ পৰিয়ালে।

ঘটনাস্থলীত স্থানীয় কোনো জনপ্ৰতিনিধিও উপস্থিত নোহোৱাত ক্ষোভ উজাৰে পৰিয়ালটোৱে। ইফালে, উদ্ধাৰ অভিযান চাবলৈ মানুহৰ লানি লাগিছে দিখৌ দিছিয়ালত। আৰক্ষীয়ে দিখৌৰ পাৰত সমবেত হোৱা ৰাইজক নিয়ন্ত্ৰণৰ বাবে বেৰিকেট গঢ়িব লগা পৰিস্থিতিও সৃষ্টি হৈছে। ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত আজি পুৱাৰে পৰা উদ্ধাৰ অভিযানত প্ৰত্যক্ষভাৱে তদাৰক কৰিছে জিলাখনৰ দুই বৰমূৰীয়া বিষয়া আৰু আৰক্ষী অধীক্ষকে। ঘটনাস্থলীত উপস্থিত থকা হৰেণ বৰাৰ ভগ্নীয়ে কি ক'লে চাওক এই ভিডিঅ'-

হৰেণ বৰাৰ পত্নীৰ মাতৃগৃহৰ লোক সকলো আহি যোৱা তিনি দিন ধৰি দিখৌৰ পাৰত। তেওঁলোকেও এই উদ্ধাৰ অভিযানক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। হৰেণ বৰাৰ পত্নীৰ ভাতৃয়ে এই সন্দৰ্ভত কি ক'লে এই ভিডিঅ'ত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in