হাৰ্দিক পেটেলক পোনপটীয়া প্ৰশ্নঃ কিয় বাচি ল’লে কংগ্ৰেছ?

হাৰ্দিক পেটেলক পোনপটীয়া প্ৰশ্নঃ কিয় বাচি ল’লে কংগ্ৰেছ?

পাটিদাৰ আন্দোলনৰ নেতা হাৰ্দিক পেটেলে ১২ মাৰ্চত যোগদান কৰিছিল কংগ্ৰেছত। মোডী চৰকাৰৰ বাবে মূৰ কামোৰণি হৈ পৰা এই যুৱ নেতাজনে কংগ্ৰেছক কিয় বাচি ল'লে? 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণে যোগাযোগ কৰিছিল এই যুৱ নেতাগৰাকীৰ সৈতে। তেওঁক সোধা হৈছিল কেবাটাও প্ৰশ্ন। তাৰ ভিতৰত-

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণঃ আপুনি কিয় কংগ্ৰেছত যোগদান কৰিলে? কংগ্ৰেছৰ প্ৰতি আপোনাৰ আস্থা কেনেকৈ জন্ম হ'ল?

উত্তৰত হাৰ্দিক পেটেলে ক'লে-

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণঃ আপুনি এইবাৰ নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে? জামনগৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি খবৰ ওলাইছে। সেয়া সঁচা নে?

হাৰ্দিক পেটেলঃ সেই সন্দৰ্ভত দলে সিদ্ধান্ত ল'ব।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণঃ মোডী চৰকাৰৰ বাবে আপুনি ভয়ৰ কাৰণ হৈ পৰিছে। মোডী চৰকাৰে কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বুলি কংগ্ৰেছে দাবী কৰে। একেদৰে ইমানদিন শাসনত থাকি কংগ্ৰেছেও কি কৰিলে বুলি মানুহে প্ৰশ্ন কৰে। সেই প্ৰশ্ন আপোনাৰ মনলৈ নাহিলনে?

হাৰ্দিক পেটেলঃ বিজেপি চৰকাৰে কি কৰিছে সেয়া ৰাইজে দেখিছে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণঃ অসমৰ ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত আপুনি খবৰ ৰাখেনে?

হাৰ্দিক পেটেলঃ নিশ্চয়।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণঃ নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেবৰ সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কি?

হাৰ্দিক পেটেলঃ সেয়া ইতিমধ্যে ৰাইজে গম পাইছে। কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছে এই বিধেয়কৰ।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণঃ ধন্যবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in