৫ কোটি নহয় ১.৫ কোটি টকাৰ ঘঁড়ীহে আছিল সেইটোঃ ক’লে হাৰ্দিক পাণ্ডিয়াই…

৫ কোটি নহয় ১.৫ কোটি টকাৰ ঘঁড়ীহে আছিল সেইটোঃ ক’লে হাৰ্দিক পাণ্ডিয়াই…

ডিজিটে ডেস্কঃ দিন বেয়া চলিছে ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ। আই চি চি বিশ্বকাপ প্ৰতিযোগিতাত আঘাটত ভূগি থকাৰ মাজতেই স্থান লাভ কৰিছিল যদিও উন্নত প্ৰদৰ্শন কৰিবলৈ অক্ষম হোৱাত তেওঁক দলৰ পৰা বাহিৰ কৰা হৈছিল। ইয়াৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টি-২০ শৃংখলাৰ বাবেও তেওঁ ঘোষিত ভাৰতীয় দলটোত স্থান লাভ নকৰিলে। ইয়াৰ মাজতে পাণ্ডিয়াৰ ওপৰত পৰিছে শুক্ল বিভাগৰ চকু।

বিশ্বকাপ খেলি ডুবাইৰ পৰা স্বদেশলৈ ঘূৰি অহাৰ সময়তে মুম্বাই বিমানবন্দৰত শুক্ল বিভাগৰ জালত পৰে। পাণ্ডিয়াই হাতত পৰিধান কৰা দুটা ঘঁড়ীৰ ওপৰত চকু পৰিছিল শুক্ল বিভাগৰ। ইয়াৰ পিছতে পাণ্ডিয়াৰ পৰা শুক্ল বিভাগে জব্দ কৰে কোটি টকীয়া ঘঁড় দুটা।

শুক্লবিভাগে জব্দ কৰা ঘঁড়ী দুটাৰ ভাৰতীয় বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি প্ৰকাশ পাইছে। এই ৫ কোটি টকাৰ ঘঁড়ী দুটা ভাৰতলৈ অনাৰ সময়ত পাণ্ডিয়াৰ হাতত নাছিল কোনো ৰচিদ বা প্ৰয়োজনীয় নথি-পত্ৰ। যাৰ বাবে শুক্লবিভাগে জব্দ কৰে দুয়োটা ঘঁড়ী।

অৱশ্যে পাণ্ডিয়াই নিজৰ চচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এই বিষেয়ে স্পষ্টিকৰণ জাৰি কৰিছে। তেওঁ কৈছে যে, শুল্ক বিভাগে দুটা নহয় এটাহে ঘঁড়ী জব্দ কৰিছে। আনহাতে জব্দ কৰা ঘঁড়ীৰ মূল্য ৫ কোটি নহয় ১.৫ কোটিহে। উল্লেখ্য যে দামী গাড়ী, ঘঁড়ী আদিৰ বাবে প্ৰায়ে চৰ্চাত থাকে পাণ্ডিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in