কোৰোনা ভাইৰাছঃ পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিডীয়ে বিতৰণ কৰিলে মাস্ক, চোবান, খাদ্য…

কোৰোনা ভাইৰাছঃ পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিডীয়ে বিতৰণ কৰিলে মাস্ক, চোবান, খাদ্য…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে সমগ্ৰ বিশ্বতে বৃদ্ধি পাবলৈ ধৰিছে। এই ভাইৰাছত সংক্ৰমিত নহ'বলৈ ভাৰততো লকডাউন ঘোষণা কৰা হৈছে। ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানতো এই ভাইৰাছত আক্ৰান্ত হৈছে বহু লোক।

শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ শ্বাহিদ আফ্ৰিডীয়ে কেইখনমান ফটো টুইটাৰত শ্বেয়াৰ কৰা দেখা গৈছে। এই ফটো কেইখনত পাকিস্তানৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে মাস্ক, চাবোন আদি বিতৰণ কৰা পৰিলক্ষিত হৈছে। শ্বাহিদ আফ্ৰিডীয়ে টুইটাৰত ফটো কেইখন শ্বেয়াৰ কৰি লিখিছে- 'এই সেৱা আগবঢ়োৱাৰ তৃতীয় দিনঃ অনুৰোধ কৰি ঘৰৰ পৰা বাহিৰত নোলাব। কোৰোনা ভাইৰাছৰ পৰা বাচিবলৈ চাবোন, মাস্ক আৰু খাদ্য বিতৰণ কৰিছো। আহক একলগ হৈ এই ভাইৰাছ শেষ কৰো।'

ইফালে,শ্বাহিদ আফ্ৰিডীৰ এনে কামক লৈ টুইটাৰতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ ক্ৰিকেটাৰহৰভজন সিঙে। তেওঁ টুইটাৰত লিখে যে- 'মানৱীয়তাৰ বাবে এয়া এক মহান কাম শ্বাহিদআফ্ৰিডী, ভগৱানে আমাৰ ওপৰত কৃপা কৰিব। আপোনাকো শক্তি দিয়ক…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in