৬৯ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

৬৯ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভৰি থলে ৬৯ বছৰ বয়সত। দেশৰ লগতে মোডীৰ জন্মদিনত সমগ্ৰ বিশ্বৰ পৰা আহিছে অসংখ্য শুভকামনা। ইফালে ৬৯ সংখ্যক জম্মদিনৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশত বিজেপি দলৰ কাৰ্যকতা সকলে এই সপ্তাহটো সেৱা সপ্তাহ হিচাপে পালন কৰাৰ সিদ্ধান্তও লৈছে।

ইফালে যোৱা সোমবাৰে নিশাই জন্মদিনত মাতৃক সাক্ষাতৰ বাবে গুজৰাটত উপস্থিত হয় নৰেন্দ্ৰ মোডী। জন্মদিনটোত গুজৰাটতে কটাবলগীয়া মোডীয়ে কেইবাটাও কাৰ্যসূচীতো অংশ লব। প্ৰধানমন্ত্ৰীজনক পুৱাই টুইটাৰযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। তেও টুইটাৰত লিখে- পৰিশ্ৰম প্ৰতীক দেশৰ সৰ্বাধিক লোকপ্ৰিয় নেতা নৰেন্দ্ৰ মোডীলৈ জন্মদিনৰ অলেখ শুভকামনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in