সাংবাদিক সুৰক্ষা মঞ্চৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আয়োজন

সাংবাদিক সুৰক্ষা মঞ্চৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আয়োজন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট বাসী ৰাইজৰ আতিথ্যত দুদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে গোলাঘাট পৌৰসভাৰ প্ৰেক্ষাগৃহত অহা ১৬ আৰু ১৭ নৱেম্বৰত সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে।অসমৰ সাংবাদিক সকলৰ অন্যতম সংগ্ৰামী মঞ্চৰ অসমৰ সাংবাদিক সকলৰ নিৰাপত্তা, সুৰক্ষাৰ স্বাৰ্থৰে ১১ছেপ্তম্বৰ ২০১৬ তাৰিখে দিছপুৰ প্ৰেছ ক্লাৱৰত জন্ম গ্ৰহণ কৰা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছে।

অহা ১৬ নৱেম্বৰ শনিবাৰে পুৱা ৯ বজাত গোলাঘাট জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি প্ৰবীণ কুমাৰ দাসে পতাকা উত্তোলন আৰু উদযাপন সমিতিৰ সভাপতি জিতুৰঞ্জন গোঁহাই আৰু গোলাঘাট জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰন সম্পাদক বিচিত্র গোস্বামীয়ে শ্বহীদ তৰ্পণেৰে অনুষ্ঠানটোৰ আৰম্ভণি কৰিব।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৭ নবেম্বৰ পুৱা গোলাঘাট নগৰ খনত স্বচ্ছ ভাৰত অভিযান নগৰ খন পৰিস্কাৰ কৰা আৰু ৯ বজাত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দুটা শাখাত চিত্রাংকণ প্ৰতিযোগিতা অনুস্থিত কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

দেওবাৰে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা মুকলি সভাত অসম চৰকাৰৰ কৃষি মন্ত্রী অতুল বৰা, বিশিষ্ট সাংবাদিক তথা আমাৰ অসম কাকতৰ পূৰ্বাচলৰ সম্পাদক ৰবীন ভূঞা, জিলা উপায়ুক্ত ধীৰেণ হাজৰিকা, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, খোমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, দেৰগাও সমষ্টিৰ বিধায়ক ভবেন ভড়ালীকে ধৰি বিশিষ্ট অতিথি সকল উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সভাপতি জিতুৰঞ্জন গোহাই আৰু যুটীয়া সম্পাদক দ্বয় ক্ৰমে মৃদুল হাজৰীকা আৰু অলক জ্যোতি শইকীয়াই জানিবলৈ দিয়ে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি "স্বাধীন কণ্ঠ" নামৰ এখনি মুখপত্র উন্মোচন কৰিব গোলাঘাট জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া পাপু গগৈয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in