শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

চামগুৰিত উদ্ধাৰ হস্তনিৰ্মিত বন্দুক

68

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ চৌদিশে এতিয়া অবৈধ অস্ত্ৰৰ জনজননি। বিভিন্ন সময়ত চামগুৰিৰ বিভিন্ন অঞ্চলত অবৈধ মাৰাণাস্ত্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য দুৰ্স্কৃতিকাৰীয়ে সংঘটিত কৰি আহিছে। এনে সময়তে নগাঁৱৰ চামগুৰিৰ সমীপৱৰ্ত্তী উত্তৰ দিজু সংৰক্ষিত বনাঞ্চলত বুধবাৰে নিশা উদ্ধাৰ হৈছে এটা অবৈধ মাৰাণাস্ত্ৰ।

শালবাৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু চামগুৰি আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হয় হস্তনিৰ্মিত বন্দুকটো। উল্লেখ্য যে, উত্তৰ দিজু বনাঞ্চলখনত চোৰাংচিকাৰীৰ এটা দলে প্ৰবেশৰ সম্ভেদ পাই বন বিভাগ আৰু আৰক্ষীয়ে অতৰ্কিতে চলাইছিল এই অভিযান। তাৰ পাছতেই উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল হস্তনিৰ্মিত বন্দুকটো।

আনহাতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বনাঞ্চলখনৰ পৰা তিনিজনকৈ চোৰাং চিকাৰীয়ে পলায়ন কৰে বুলি বন বিভাগ আৰু আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি