তিনি দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত হস্ত – শিল্প মেলা আৰম্ভ…

তিনি দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত  হস্ত – শিল্প মেলা আৰম্ভ…

ডিজিটেল সংবাদ,ধেমাজি : মঙ্গলবাৰৰ পৰা ১২ নৱেম্বৰলৈকে তিনি দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত ধেমাজি জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ সৌজন্যত দিপ্তী হস্ত – শিল্প মেলা আৰম্ভ হৈছে ৷ধেমাজি জিলাখনৰ স্হানীয় লোক সকলৰ নিৰ্মিত বেত ,বাহঁ, কাঠৰ মনোমোহা কুটিৰ শিল্প , মৃৎ শিল্প , বস্তু শিল্পৰ পৰম্পৰা বিভিন্ন ধৰনৰ কাপোৰ কানি , স্থানীয় উৎপাদিত বিভিন্ন ধৰনৰ খাদ্য সামগ্ৰী হালধি, আচাৰ ,পিঠা , বাঁও চাউল আৰু কৃষি উৎপাদিত কেচু সাৰকে ধৰি বিভিন্ন ধৰনৰ সামগ্ৰী মেলাত প্ৰদৰ্শীত হৈছে ৷

জিলাখনৰ প্ৰায় ৮ টা স্থানীয় উৎপাদিত আত্মসহায়ক গোট আৰু সমবায় সমিতিয়ে যোগদান কৰা প্ৰদৰ্শনী মেলা খনৰ পুৱা ১১ ধেমাজি হস্ত তাঁত বস্ত শিল্পৰ জ্যেষ্ঠ পৰিদৰ্শক ভাস্কৰ শইকীয়াই আতঁ ধৰা সভাখনি উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজিৰ হস্ত তাঁত বস্ত শিল্পৰ অধীক্ষক চম্পক শইকীয়াই ৷ ইযাৰ পিছতেই ফিতা কাটি মেলাৰ মুকলি কৰে ধেমাজি জিলাৰ উপায়ুক্ত নৰ সিং পৱাৰে ৷

মুকলি অনুষ্ঠানত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনৱাট,ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্বয় মৰ্হিসী কাশ্যপ , মীৰজানা হুচেইন , সহকাৰী আয়ুক্ত সংগীতা ভাগৱতী , ধেমাজি ৰাজহ চক্ৰ বিষয়া মন্দিৰা বৰুৱা ,ধেমাজি আৰু লখিমপুৰ জিলাৰ অগ্ৰণীৰ বেংক বিষয়া দ্বয় ৰিংকুমনি দাস, প্ৰদীপ কুমাৰ খাকলাৰী , নবাৰ্ডাৰ ডি ডি এম অমল্যান ৰঞ্জন তামুলী আৰু ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী তথা সমাজ কৰ্মী নিৰমা বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষযা বৰ্গসকল উপস্থিত থাকে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in