শেহতীয়া খবৰ
অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ  •  হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

বেলশৰত ২৩ তম ৰাষ্ট্ৰীয় পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা

82

ডিজিটেল সংবাদ, নলবাৰীঃ ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত অহা ১৫, ১৬, ১৭ মাৰ্চত স্থানীয় বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ২৩তম্  ৰাষ্ট্ৰীয় পূৱ মাণ্ডলিক দিৱা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে লক্ষ্মী পাটোৱাৰীক সভাপতি, হৰিশ গোস্বামীক কাৰ্যকৰী সভাপতি, সুনীল পাটোৱাৰীক মুখ্য সম্পাদক, চন্দন হালৈক সম্পাদক, জিতুমণি হালৈ, দ্বীপজ্যোতি মেনাক যুটীয়া সম্পাদক হিচাপে লৈ প্ৰতিযোগিতা আদৰণি সমিতি খন গঠন কৰা হৈছে।

ইপিনে, সভাপতি, মুখ্য সম্পাদকে জানিবলৈ দিয়া মতে, প্ৰতিযোগিতাত অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিম বংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, নাগালেণ্ডৰ দলে অংশ লব। প্ৰতিযোগিতাখন সৰ্ব দিশতে সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰতিযোগিতা আদৰণি সমিতিখনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি