পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চোৰ…

পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চোৰ…

ডিজিটেল সংবাদ, হামৰেণঃ পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চোৰ৷ আৰক্ষীয়ে এক সূত্ৰৰ ভিত্তিত কামপুৰ ৰেল'ৱে ষ্টেচনত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত চোৰ গোবিন্দ নাথক ।

উল্লেখযোগ্য যে ধৃত গোবিন্দ নাথে বিগত কেই দিন ধৰি কামপুৰ,বৈঠালাংছ,লংকা নগাঁও আদিৰ বিভিন্ন স্থানৰ পৰা লোকৰ ঘৰ আৰু দোকান সমূহত চাফাই অভিযান চলাই আহিছিল৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ধৃত চোৰে স্বীকাৰ কৰাৰ লগতে কেইদিন পূৰ্বে 'বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত সংঘটিত চুৰি কাৰ্যত তেওঁ জড়িত বুলিও স্বীকাৰ কৰে।

আৰক্ষীয়ে গোবিন্দৰ পৰা লেপ'টপ, মবাইল, সোণৰ চেইন, টকা আদিৰ উপৰিও মন্দিৰৰ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে ৷ সম্প্ৰতি বৈঠালংছ আৰক্ষীয়ে গোবিন্দক নিজৰ জিম্মাত ৰাখি মাৰাথন জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in