প্ৰেমিকাক লগ কৰিবলৈ গৈ পাকিস্তানত খাটিলে কাৰাবাস, ৬ বছৰৰ পাছত লগ পালে মাতৃক

প্ৰেমিকাক লগ কৰিবলৈ গৈ পাকিস্তানত খাটিলে কাৰাবাস, ৬ বছৰৰ পাছত লগ পালে মাতৃক

ডিজিটেল ডেস্কঃ প্ৰায় ৬ বছৰৰ ধৰি পাকিস্তানত কাৰাবাস খাটি থকা হামিদ অনছাৰীক মঙলবাৰে পুনৰ ঘূৰাই পঠিওৱা হয় নিজ দেশলৈ। চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পাকিস্তানৰ জেলত কাৰাবাস খাটি থকা ভাৰতীয় নাগিৰক হামিদক আজি মুকলি কৰি দিয়াৰ পাছত প্ৰথমে ভাৰতীয় সীমান্তত সোমাই, আঁঠু কাঢ়ি মাটিত চুম্বন দিয়ে। ইফালে, ৬ বছৰৰ মূৰত হামিদক দেখি বাঘা সীমান্তত পৰিয়াল লোক বহু আৱেগিক লৈ পৰে।

উল্লেখ্য যে, প্ৰায় ৬ বছৰ পূৰ্বে হামিদে পাকিস্তানলৈ গৈছিল প্ৰেমিকাক লগ কৰিবলৈ। তাৰ পাছতেই ৰাষ্ট্ৰখনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰত চৰকাৰে ৯৫বাৰকৈ পাকিস্তানক অনুৰোধ কৰিছিল যে, চুবুৰীয়া ৰাষ্ট্ৰখনত থকা ভাৰতীয় উচ্চপদস্থ বিষয়াসকলক হামিদৰ সৈতে কথা-বতৰা কৰিবলৈ সুযোগ দিব লাগে। কিন্তু পাকিস্তানেই ভাৰতৰ এই অনুৰোধ নাৰাখিলে।

ইফালে, হামিদৰ মাতৃ ফৌজিয়াই হামিদক পাকিস্তানৰ কাৰাবাসৰ পৰা মুকলি কৰিবলৈ বহু চেষ্টা চলাইছিল। তেওঁ বিদেশ মন্ত্ৰালয়ৰ সৈতে প্ৰায়ে কথা-বতৰা পাতিবলৈ চেষ্টাইছিল যাৰ ফলত পুত্ৰক পাকিস্তানে অৱশ্যে মুকলি কৰি দিয়ে। লক্ষণীয় যে, হামিদৰ জীৱনৰ এই সময়চোৱা শ্বাহৰুখ খান আৰু প্ৰীতি জিন্টা অভিনীত বলিউডৰ ছবি 'বীৰ-জাৰা' সদৃশ। চাওঁক সেই ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in