‘দ্য লিট’ল হিৰো’- হাইদৰ!

‘দ্য লিট’ল হিৰো’- হাইদৰ!

২০১৭ চনৰ ১৫ আগষ্টত এখন ফটো ভাইৰেল হৈছিল। ডিঙিলৈকে পানীত নামি পতাকা উত্তোলনত ভাগ লৈছিল ৯ বছৰীয়া এটি শিশুৱে। আজি সি কি কৰিলে? ক'লৈ গ'ল স্বাধীনতা দিৱসত অংশ ল'বলৈ? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে শিশুটিক লৈ এন আৰ চিৰ খবৰ। আমি দিম হাইদৰৰ মনৰ খবৰ। মুখ্যমন্ত্ৰীক কি ক'ব বিচাৰে হাইদৰে? ডাঙৰ হৈ কি হ'ব খোজে ১০ বছৰীয়া এই দেশপ্ৰেমিকে…

  • মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদনঃ

ফোনটো কেইবাবাৰো ৰিং হ'ল। সিমূৰৰ পৰা কোনো সঁহাৰি নাই। ৫ মিনিট মানৰ পাছত আকৌ ৰিং কৰিলো। ইলিয়াছে প্ৰথম এজন শিক্ষকৰ নম্বৰ দিছিল।  সেইটো বন্ধ বাবে আৰু কিবা যোগাযোগৰ নম্বৰ আছে নেকি বিচাৰিলো। সি নতুন নম্বৰ এটা দিছিল। ৯১৬০০০৪২…। পুৱা ৮ বজাৰ পৰাই যোগাযোগ অব্যাহত ৰাখিছিলো। গুৱাহাটীৰ পৰা ধুবুৰীৰ এখন ভিতৰুৱা গাঁৱৰ এজন চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ল'ৰাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলো। আজি স্বাধীনতা দিৱস। কি বা কৰিলে সি? এইবাৰ ফোনটো ধৰিলে আখটাৰে। পৰিচয় দি আখটাৰক ক'লো- 'হাইদৰৰ সৈতে কথা পাতিবলৈ মন গৈছে, তুমি যোগাযোগ কৰি দিব পাৰিবা?' হাইদৰৰ ঘৰলৈ আখটাৰৰ ঘৰৰ পৰা কিছুদূৰ। সি এঘণ্টা সময় বিচাৰিলে। তেতিয়া সময় ১১ বাজিল পুৱাৰ। মুখ্যমন্ত্ৰীয়ে খানাপাৰাত, প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ সামৰিলে। স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ খবৰ আহিল। প্ৰধানমন্ত্ৰীয়ে ২০২২ত ভাৰতে মানৱ যান মহাকাশলৈ পঠিওৱাৰ কথা ক'লে। এইবোৰ একোৱেই চুই যাব নোৱাৰিলো। মোক লাগে হাইদৰে কি কৰিলে?

১২.২০ বাজিল। আকৌ হাতত ফোনটো তুলি ল'লো। আখটাৰৰ নম্বৰটো টিপিলো। সি ক'লে সকলো হৈ যাব। ব্যৱস্থা কৰি দিব। আৰু আধা ঘণ্টা সময় লাগে তাক। মাক ক'ৰবাত কাম কৰিবলৈ গৈছে। আহিলেই কথা পতাই দিব হাইদৰৰ সৈতে। তাৰ পাছতো একেই অপেক্ষা।

হাইদৰক আপুনি চিনি পায়। নামে-মানুহে হয়তো নাজানে। ২০১৭চনৰ কথা। ১৫ আগষ্টত সেইবাৰ ৰাজ্যৰ বহু অঞ্চল বানত ডুবি আছিল। সেই তেতিয়াই এখন ফটো ভাইৰেল হৈছিল। মনত আছেনে ধুবুৰীত এখন বিদ্যালয় পানীত তল গৈ আছিল।  চৌদিশে পানী। যেন এখন সাগৰহে। তেনে পৰিস্থিতিতো প্ৰধান শিক্ষকজনে দুজন ছাত্ৰসহ বিদ্যালয়ৰ সন্মুখত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিল। পাহৰিছে যদি তলৰ ফটোখন চাওঁক।

দেশপ্ৰেমৰ সঁচা নুমনা, স্বাধীনতা দিৱসলৈ কিমান হেপাহ… ১৫ আগষ্ট ২০১৭ৰ সেই বিশেষ ছবিখন
দেশপ্ৰেমৰ সঁচা নুমনা, স্বাধীনতা দিৱসলৈ কিমান হেপাহ… ১৫ আগষ্ট ২০১৭ৰ সেই বিশেষ ছবিখন

দেখিছিলনে এইখন ফটো? ছ'চিয়েল মিডিয়াত যে ভাইৰেল হৈছিল এই ফটোখন…। ইয়াৰে এজন বিদ্যালয়খনৰ প্ৰধান শিক্ষক। আৰু শুদা গাৰে থকা ল'ৰা দুটা এই বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে জহৰুল আৰু হাইদৰ। ১১৮৫নং নস্কৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া। বাকী কোনো অহা নাছিল। কিন্তু এডিঙি পানী ফালি আহিছিল জহৰুল আৰু হাইদৰ। হাইদৰ আছিল এখোপ চৰা। যাবই সি স্কুললৈ… স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবই। তাৰ পাছত এডিঙি পানীত পৰি ৰাষ্ট্ৰীয় পতাকাৰ তলত ছেল্যুট দিছিল… সেই হাইদৰে আজি স্বাধীনতা দিৱসত কি কৰিলে? তাকে জানিবলৈ ইচ্ছা গৈছিল।

এইবাৰ আখটাৰেই ফোনটো লগালে। ২০ মিনিটৰ পাছতেই কথা দিয়া মতে ফোনটো লগাই এজন মানুহৰ লগত কথা পাতিবলৈ দিলে। তেওঁৰ নাম কলিমুদ্দিন মণ্ডল। তেওঁক সুধিলো- হাইদৰ আছেনে ওচৰত। হাইদৰক ফোনটো দিলে। তাৰ পিছত হাইদৰৰ সৈতে পাতিলো কথাঃ

-হাইদৰ

-অ' কওঁক

-ভালনে তোমাৰ?

-ভালেই

-আজি কি কৰিলা? স্কুললৈ গৈছিলা?

-অ' গৈছিলো

-পতাকা উত্তোলন হ'ল নাই?

-হ'ল। ৰাতিপুৱা ৭.৩০ বজাতে কৰিলো।

-তুমি এবছৰৰ আগতে পানীত ডুবি পতাকা উত্তোলন কৰিবলৈ গৈছিলা?

-অ'।

-আজিতো পানী নাছিল…?

-নাছিল।

-কোন দিনা তোমাৰ বেছি ভাল লাগিছিল?

-যোৱাবাৰ বেছি ভাল লাগিছিল।

-কিয়?

হাইদৰে হাঁহিলে। টেলিফোনৰ এইমূৰৰ পৰাই অনুভৱ কৰিলো ল'ৰাটোৰ কিমান দেশপ্ৰেম। সি আন ল'ৰাৰ দৰে নহয়। এতিয়া সি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। আৰু কথা পাতিছিলো হাইদৰৰ সৈতে। তাৰ পাছত কথা পাতিছিলো মাক  জয়গুণ খাতুনৰ সৈতে। পৰিয়ালটোৰ কথা জানিব বিচাৰিছিলো। আৰ্থিকভাৱে পিছপৰা এটি অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হাইদৰ। তাৰ দেউতাকৰ নাম ৰূপনাল খান। ২০১১ৰ ৬ মে'ত বিটিচিত হত্যা কৰা হৈছিল হাইদৰৰ দেউতাকক। গোসাঁইগাঁৱৰ গুৰুমেলা আৰক্ষী চকীৰ অন্তৰ্গত গাৰ্ডেনপুৰত তান্ত্ৰিকৰ সন্দেহত অতি নিৰ্মমভাৱে গণপ্ৰহাৰ কৰি হত্যা কৰা হৈছিল দুজন ব্যক্তিক। তাৰে এজন আছিল ১০ বছৰে গোসাঁইগাঁৱৰ এটা ভাৰাঘৰত থাকি পৰিত্যক্ত বস্তু সংগ্ৰহেৰে পৰিয়াল পোহপাল দিয়া হাইদৰৰ দেউতাক। 'অসমীয়া প্ৰতিদিন' কাকতত ২০১১ চনৰ ৭ মে', শনিবাৰে এই খবৰ প্ৰকাশিত হৈছিল-

হাইদৰৰ পিতৃক হত্যা কৰা হৈছিল তান্ত্ৰিকৰ সন্দেহত।
হাইদৰৰ পিতৃক হত্যা কৰা হৈছিল তান্ত্ৰিকৰ সন্দেহত।

তাৰ পাছতে পৰিয়ালটোলৈ অমাৱস্যা নামি আহিছিল। দক্ষিণ শালমাৰাৰ বৰখুলী নস্কৰ গাঁৱৰ আলম খানৰ পুত্ৰ আছিল ৰূপনাল। ঘৰখনৰ মূল মানুহজন হঠাৎ নাইকিয়া হোৱাত ঘৰলৈ ঘূৰি আহিল পৰিয়ালটো। ডাঙৰ পুত্ৰ জয়দুৰ খান, মাজু পুত্ৰ হাইদৰ আৰু কন্যা ৰীণা খাতুনক বুকুত সাৱতি কঠোৰ জীৱন সংগ্ৰাম কৰি আছে আজিও। লোকৰ ঘৰত দিন হাজিৰা কৰি হাইদৰক পঠালে স্কুললৈ। হাইদৰে মাকক কৈ দিছে সি পঢ়িবই।

পৰিয়ালৰ আনৰ নাম এন আৰ চিত আছে…নাই হাইদৰৰ। মাতৃৰ কাষত শংকিত হাইদৰ
পৰিয়ালৰ আনৰ নাম এন আৰ চিত আছে…নাই হাইদৰৰ। মাতৃৰ কাষত শংকিত হাইদৰ

সেই হাইদৰৰ জীৱন কাহিনী ইমানতেই অন্ত পৰা নাই। চতুৰ্থ শ্ৰেণীত পঢ়া হাইদৰৰ সৈতে কথা পাতি থাকোতেই সি উচুপি উঠিছিল। কি হ'ল বুলি সোধাত সি বহু সময় একো ক'ব নোৱাৰিলে। ফেকুৰি থাকিল ফোনটোৰ সিপাৰে। কেইবাবাৰো তাক মাতিলো- 'হাইদৰ, হাইদৰ, আৰে বাবা কি হ'ল তোমাৰ…'।

নাকৰ শেঙুনখিনি  উজাই লোৱা শব্দ কাণত লাগিল। কিছু সময় ৰৈ দিলো। মাকে ফোনটো ধৰি ক'লে- 'ই বৰ ভয় খাইছে'। এন আৰ চিত তাৰ নাম নাই। ঘৰৰ তিনিটাৰে নাম আছে, তাৰহে অহা নাই'। কিয় এনে হ'ল জানিব বিচাৰিলো। মাকে একো নাজানে। কাষত থকা প্ৰথমে কথা পতা কালিমুদ্দিন মণ্ডলক ফোনটো দিব দিলো মাকক। তেওঁ ক'লে- 'হয়, তাৰ নাম ৩০ জুলাইত প্ৰকাশিত এন আৰ চিত অহা নাই। ১৩ আগষ্টত নস্কৰ গাঁও পঞ্চায়তত নথিপত্ৰ জমা দিছো'। তাৰ জন্মৰ প্ৰমাণপত্ৰ নথকাৰ বাবেই এনে খেলিমেলি হোৱা বুলি জনালে। আকৌ হাইদৰক ফোনটো দিব দিলো-

-হাইদৰ, কি তোমাৰ নাম নাই এন আৰ চিত?

-অ' (লাহেকৈ সি ক'লে)

-আহিব। তুমি ভয় খাইছা নেকি?

-লগৰবোৰে কৈছে মোক বোলে বাংলাদেশলৈ পঠাই দিব।

হাইদৰক বুজালো। তেনে একো নহয়, আহি যাব তোমাৰ নাম এন আৰ চিত।

এন আৰ চিৰ নাম ভৰ্তিৰ বাবে আবেদন জনাইছিল হাইদৰেও…
এন আৰ চিৰ নাম ভৰ্তিৰ বাবে আবেদন জনাইছিল হাইদৰেও…

দেশপ্ৰেমিক হাইদৰৰ বৰ ভয়। কিজানি গুচি যাব লাগে বাংলাদেশলৈ। সেইবোৰ কথা ভাবি নাথাকিবলৈ কৈ হাইদৰৰ সৈতে কথা পাতিলো। আজি স্বাধীনতা দিৱসৰ ফটো উঠিলে নে নাই সুধিলো। সি ক'লে- ছাৰে উঠাইছে। তাৰ লগত হেনো ফটো উঠিবলৈ ভাল ফোন নাই।

১৫ আগষ্ট ২০১৮, পুৱা ৭.৩০ বজাতে বিদ্যালয়ত পতাকা উত্তোলনত ভাগ ল'লে হাইদৰে
১৫ আগষ্ট ২০১৮, পুৱা ৭.৩০ বজাতে বিদ্যালয়ত পতাকা উত্তোলনত ভাগ ল'লে হাইদৰে

হাইদৰক এইবাৰ পঢ়া-শুনাৰ কথা সুধিলো-

-ভালকৈ পঢ়িছা নাই?

-পঢ়িছো।

-কি পঢ়ি ভাল লাগে?

-সব পঢ়ি ভাল পাওঁ।

-ভালকৈ পঢ়িবা।

-অ' পঢ়িম।

হাইদৰক সহজ কৰিবলৈ কথা পাতি গ'লো। দেশপ্ৰেম হাইদৰৰ প্ৰাণত আছে। ধৰ্ম বা জাতিৰ পৰিচয়ৰে হাইদৰহঁতৰ দৰে বহুতৰ নাগৰকিত্বক লৈ সন্দেহ কৰে। তেওঁলোকে শুনি অবাক হ'ব হাইদৰে আৰু কি কৈছিল-

-হাইদৰ?

-হু…

-ডাঙৰ হ'লে কি হ'বা?

-আৰ্মী হ'ম।

-আৰ্মী কিয়?

-দেশ ৰক্ষা কৰিব পাৰিম যে।

-তোমাক কোনোবাই  কৈছে নেকি আৰ্মী হ'বলৈ?

-নাই কোৱা।

-তুমি কিয় ভাবিলা?

-ভাল লাগে মোৰ। যুদ্ধ কৰিবলৈ যাব পাৰিম…

মৌন হৈ পৰিলো। মুগ্ধ হৈ গ'লো। সেই পানীত ডুব গৈ পতাকা উত্তোলন কৰা ল'ৰাটোৰ দেশপ্ৰেমৰ উমান পালো। সি বহু তথাকথিত লোকে দেখুৱাবলৈ ছেলফি তোলাৰ দৰে ২০১৭ৰ ১৫ আগষ্টত সেইখন ফটো তোলা নাছিল। ইমান সৰু ল'ৰাটোৰ মনত সঁচা দেশপ্ৰেমৰ চিন্তা-চেতনা বিৰাজমান। কি ক'ম? শব্দ বিচাৰি নাপালো।

এইখন হাইদৰৰ পৰিয়ালৰ বংশবৃক্ষ।

হাইদৰৰ বংশ-বৃক্ষ
হাইদৰৰ বংশ-বৃক্ষ

হাইদৰৰ সৈতে কথা পাতি গ'লো। সি শংকিত। স্বাধীনতা তাৰ জন্মগত অধিকাৰ। কোনে কাঢ়ি নিব পাৰে তাৰ স্বাধীনতা? ২০১৭ৰ ১৫ আগষ্টত হাইদৰৰ খবৰ নিউজ চেনেল, কাকতে প্ৰকাশ কৰিছিল। এন আৰ চিত তাৰ নাম নহা খবৰো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে ভাল বাতৰি হৈছে। আমাৰ বাবে সেইবোৰ খবৰতকৈ তাৰ মনত উথলি উঠা সঁচা দেশপ্ৰেমৰ মূল্যবোধহে আছিল বেছি মূল্যৱান। কথা পাতি থাকোতে সি মোক সুধিলে-

-মুখ্যমন্ত্ৰীক আপুনি ল'গ পাই নেকি?

-নাপাওঁ।

-কিয়?

-মই মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰো।

-কি?

হাইদৰে কৈ গ'ল। সি মুখ্যমন্ত্ৰীক ক'ব বিচাৰে- 'আমাৰ পৰিয়ালটো বৰ দুখীয়া। অকল মোৰ নামহে এন আৰ চিত অহা নাই। সকলোৰে নাম আহিছে'।

-ভয় কৰিব নালাগে, তুমি ভালকৈ পঢ়া। সকলো ঠিক হ'ব।- তাক সাহস দিলো।

-ডাঙৰ হ'লে পঢ়িবলৈ টকা লাগিব। আমাৰতো টকা নাই। মুখ্যমন্ত্ৰীয়ে যদি অলপ সহায় কৰি দিয়ে…।

হাইদৰে শেষতো এটা কথাই ক'লে- সি আৰ্মি হ'ব খোজে, সেনাত যোগ দিব খোজে। চকু সেমেকি গ'ল। হাইদৰৰ সপোন পূৰণ হওঁক। এন আৰ চিত তাৰ নাম উঠক। বিচৰাৰ দৰেই সি সেনাত যোগ দিবলৈ উপযুক্ত হৈ উঠক। আজিয়েই দিলো- ছেল্যুট হাইদৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in