ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিকৰণৰ তীব্ৰ বিৰোধিতা হাগ্ৰামাৰ,প্ৰমোদ বড়ো ঠগবাজ : হাগ্ৰামা

ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিকৰণৰ তীব্ৰ বিৰোধিতা হাগ্ৰামাৰ,প্ৰমোদ বড়ো ঠগবাজ : হাগ্ৰামা

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ৰিভিউ কৰিব লাগিব বিটিআৰ চুক্তি । একো নাই বিটিআৰ চুক্তিত ,বিগ জিৰো । চুক্তি ৰিভিউ নকৰিলে বিটিচি অঞ্চলৰ পৰিৱেশ বহুত বেয়া হব ।বিটিচি চৰকাৰ গঠন হোৱাৰ পিছতে সকলো দল সংগঠনক লৈ আলোচনা কৰিব লাগিব ৷ নিৰ্বাচন গলেই আমি চৰকাৰৰ লগত আলোচনা কৰি সকলো ঠিক কৰিম । এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।


বিপিএফৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা অডিটৰিয়াম মুকলি আৰু বিপিএফ দলত যোগদান শিৱিৰ অনুষ্ঠানত হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি "হাগ্ৰামা অডিটৰিয়াম " আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে ইউপিপিএলকে ধৰি বিভিন্ন দলৰ পৰা বিপিএফ দলত যোগদান কৰা শতাধিক নতুন সদস্যক মহিলাৰীয়ে আদৰণি জনাই নিজ ভাষণ প্ৰসঙ্গত উক্ত মন্তব্য প্ৰকাশ কৰিছে । প্ৰমোদ বড়োক ঠগবাজ আখ্যা দি প্ৰমোদ বড়োই কাৰো কাৰণে কাম নকৰে বুলি মন্তব্য কৰিছে মহিলাৰীয়ে । বড়োলেণ্ড আন্দোলনৰ নামত প্ৰমোদ বড়োই বহুতক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰি এনআৰচিৰ সময়তো মুছলিম আৰু বেংগলী সম্প্ৰদায়ৰ বহুতৰে নাম কাটিবলৈ অভিযোগ দিছিল বুলি মন্তব্য কৰি আদিবাসী আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰিব নালাগে বুলি হৈ চৈ কৰা প্ৰমোদ বড়োক আদিৱাসী , কোচ ৰাজবংশী , মুছলিম বেংগলীয়ে সমৰ্থন কৰাৰ কোনো অৰ্থ নাই বুলি মন্তব্য কৰিছে মহিলাৰীয়ে ।

প্ৰমোদ বড়োই সাংবাদিককো একো নিদিয়ে বৰং পাৰিলে ওলোটাই হে লোৱা মানুহ বুলি মন্তব্য কৰি প্ৰমোদ বড়োক বিশ্বাস নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । আগন্তুক বিটিচি চৰকাৰ বিপিএফ দলেই গঠন কৰিব বুলি মন্তব্যৰে বিটিচিত বিপিএফৰ বিকল্প নাই বুলি মন্তব্য কৰে মহিলাৰীয়ে ।
ইপিনে অক্টোবৰ মাহতে যিহেতু ৰাজ্যপাল শাসনৰ অন্ত পৰিব সেয়ে অক্টোবৰৰ ভিতৰতে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে মহিলাৰীয়ে ।

ৰাজ্যপাল শাসন আৰু ছয় মাহৰ বাবে ম্যাদ বৃদ্ধিকৰণ হ'লে বিটিচি শেষ হৈ যাব বুলি মন্তব্য কৰি পুণৰবাৰ ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধি কৰণৰ তীব্ৰ বিৰোধিতা কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।আনহাতে আছু এজেৱাইচিপিৰ উদ্যোগত নৱগঠিত দলক আদৰণি জনাই গণতন্ত্ৰত সকলোৰে দল সংগঠন কৰাৰ অধিকাৰ আছে বুলি মন্তৱ্য কৰে মহিলাৰীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in