বিজেপিৰ সদস্য হোৱাৰ বাবদ বিপিএফৰ ৰাজীৱ ব্ৰহ্মই বিজেপিক দিছে ৪০ লাখ : হাগ্ৰামা মহিলাৰী…

বিজেপিৰ সদস্য হোৱাৰ বাবদ বিপিএফৰ ৰাজীৱ ব্ৰহ্মই বিজেপিক দিছে ৪০ লাখ : হাগ্ৰামা মহিলাৰী…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ উপ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফ নেতাই বিজেপিক বৃহৎ পৰিমানৰ ধন দি বিজেপি দলৰ সদস্যভুক্ত হোৱা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা এক অভিযোগে তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিটিচিৰ বনৰগাঁও সমষ্টিৰ বিপিএফৰ পৰিষদীয় সদস্য ৰাজীব ব্ৰহ্মই ৪০ লাখ টকা দি বিজেপিত যোগদান কৰিছে ৷ তেওঁলোক বহুদিনৰে পৰা বিজেপিত যোগদানৰ বাবে চেষ্ঠা চলাই আহিছিল । ২০ লাখকৈ দুটা কিস্তিত এই ধন বিজেপিৰ কোনোবাই লৈছে ।

এই বিস্ফোৰক মন্তব্য কৰিছে বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰীৱে৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওস্থিত বিপিএফৰ গুমা ব্লক সমিতিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাত উপস্থিত থাকি সাংবাদিকৰ আগত বিপিএফৰ মুৰব্বী গৰাকীয়ে উক্ত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে । হাগ্ৰামা মহিলাৰীয়ে এইবুলিও কয় যে বিটিচিৰ বনৰগাঁও সমষ্টিৰ বিপিএফৰ পৰিষদীয় সদস্য ৰাজীব ব্ৰহ্ম আৰু সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য প্ৰভাত বসুমতাৰীয়ে বিগত ছয় মাহৰ পৰা বিজেপিত যোগদানৰ চেষ্টা চলাই আছিল যদিও বিজেপিয়ে গুৰুত্ব প্ৰদান কৰা নাছিল ৷

বিজেপিৰ পৰা গুৰুত্ব নাপাই বিজেপিৰ এগৰাকী কৰ্মীক ৪০ লাখ টকা দি বিজেপিত যোগদান কৰিছে কৰিছে বুলি দাবী কৰি দুটা কিস্তিত উক্ত ধনৰাশি প্ৰদান কৰা হয় বুলি মহিলাৰীয়ে মন্তব্য কৰিছে ৷ ইপিনে বিজেপিৰে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতে আলোচনা হৈছে আৰু মিত্ৰতা সন্দৰ্ভত বিজেপিয়ে কেতিয়া আনুষ্ঠানিকভাৱে ঘোষণা সেয়া তেওঁলোকৰ কথা বুলি মন্তব্য কৰে ।

ইপিনে আগন্তুক উপ নিৰ্বাচনত বিপিএফে ভবানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন কৰিব আৰু গোসাঁইগাঁৱত বিপিএফৰ জয় নিশ্চিত বুলি মহিলাৰীয়ে দাবী কৰি তামোলপুৰ সমষ্টিৰ ক্ষেত্ৰত দলীয় কৰ্মীৰ মতামত লৈ বিপিএফৰ স্থিতি পৰবৰ্তী পৰ্যায়ত অৱগত কৰা হব বুলি মন্তব্য কৰিছে । উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোসাঁইগাঁও ভ্ৰমনৰ প্ৰাকমুহুৰ্তত হাগ্ৰামা মহিলাৰীৰ বক্তব্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in