বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ’বইঃ হাগ্ৰামা…

বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ’বইঃ হাগ্ৰামা…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বডোলেণ্ড পৃথক ৰাজ্য গঠন হবই । এই বিস্ফোৰক মন্তব্য কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।
বুধবাৰে কোকৰাঝাৰ জিলাৰ ঝাৰবাৰীত এনডিএফবি (এছ) গোটৰ নেতা,কেডাৰ সকলক ৰাজহুৱাকৈ আদৰণি জনোৱা পৰ্বৰ অন্তত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে চুক্তি সন্দৰ্ভত সাংবাদিকৰ আগত উক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

তদুপৰি এবছুক ক্ষুৰধাৰ সমালোচনা কৰি মহিলাৰীয়ে কয় যে পৃথক ৰাজ্য বিচৰা এবছুই আৰু কেতিয়াও সুকীয়া ৰাজ্যৰ বাবে স‌ংগ্ৰাম নকৰো বুলি আত্মসমৰ্পণ কৰা কাৰ্য দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে ।এবছুই জিন্দেগীত আৰু আন্দোলন নকৰো বুলি চুক্তিত স্বাক্ষৰ কৰা হেতুকে এবছুই হিৰো নহয় বৰঞ্চ এবছুই চুক্তিখন হাইজেক হে কৰিব বিচাৰিছিল বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে আচল হিৰো এনডিএফবি বুলি মন্তব্য কৰিছে ।

তদুপৰি বিটিআৰ চুক্তি কেৱল বড়োৰ বাবে নহয় বৰঞ্চ ইয়াত বসবাস কৰা সকলো জাতি, জনগোষ্ঠীৰ বাবেহে বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে । আনহাতে এনডিএফবি (এছ) সাধাৰণ সম্পাদক বি.আৰ ফেৰেংগাই কয় যে বিটিআৰ চুক্তিৰ দফা সমূহ ৰূপায়ণ কৰাত যদি সকলো পক্ষই সহযোগিতা আগবঢ়ায় তেন্তে বড়োলেণ্ড আন্দোলনৰ প্ৰাসংগিকতা হয়তো নাথাকিব বুলি মন্তব্য কৰি এটা জাতিয়ে নিজৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু আত্মপৰিচয় অক্ষুণ্ণ ৰাখিব পাৰিলেহে বিশ্বত ৰাজহাড় পোনাই আৰু মূুৰ তুলি থাকিব পাৰিব মন্তব্য কৰিছে ।

তদুপৰি বড়ো সকল এই সন্ধিক্ষণত ঐক্যবদ্ধ হোৱাটো অত্যন্ত জৰুৰী বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বি.আৰ ফেৰেংগাই । উল্লেখ্য যে চাৰি দশকজোৰা সশস্ত্ৰ সংগ্ৰামৰ ওৰ পেলাই বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যৰে এনডিএফবিৰ চাৰিটাকৈ গোট আৰু এবছু, ইউবিপিঅ'ই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে যোৱা ২৭ জানুৱাৰীত নুতুন দিল্লীৰ নৰ্থ ব্লকত সম্পাদিত হোৱা তৃতীয়খন ঐতিহাসিক বড়ো চুক্তি সম্পাদিত কৰাৰ পিছত আজি কোকৰাঝাৰ জিলাৰ ঝাৰবাৰীত এনডিএফবি(এছ) নেতৃত্বক আদৰণি জনোৱাৰ লগতে এক বিশাল গণ সমাৱেল অনুষ্ঠিত হয় ৷ কেবা সহস্ৰাধিক ৰাইজ উপস্থিত থকা উক্ত আদৰণি সভাত বি.টি.আৰ চুক্তি স্বাক্ষৰকাৰী তথা এনডিএফবি (এছ) সভাপতি বি. ছাউৰাইগৌৰা, সাধাৰণ সম্পাদক বি.আৰ. ফেৰেংগা , উপ সভাপতি জি. বিদায় আৰু সমাজ কল্যাণ সম্পাদক এম. বাথাক উষ্ম আদৰণি জনোৱা হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in