দেৱী দুৰ্গাৰ আশীৰ্বাদত গোসাইগাওঁ সমষ্টিত জয়ী হ’ব বিপিএফ প্ৰাৰ্থীঃ হাগ্ৰামা মহিলাৰী…

দেৱী দুৰ্গাৰ আশীৰ্বাদত গোসাইগাওঁ সমষ্টিত জয়ী হ’ব বিপিএফ প্ৰাৰ্থীঃ হাগ্ৰামা মহিলাৰী…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ আজি মহানৱমী ।সমগ্ৰ ৰাজ্যৰ লগতে বিটিআৰ সদৰ কোকৰাঝাৰ চহৰতো মহানৱমী উপলক্ষে উছাহ পৰিলক্ষিত হৈছে । মহানৱমী উপলক্ষে কোকৰাঝাৰ সদৰ চহৰৰ পাথৰঘাট, সুভাষপল্লী আদিকে ধৰি চাৰিটা পূজা মণ্ডপ পৰিভ্ৰমণ কৰি দেৱী দুৰ্গাৰ আশীস ল'লে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

দেৱী দুৰ্গাৰ আশিষ লৈ হাগ্ৰামা মহিলাৰীয়ে বিটিচি অঞ্চলৰ লগতে অসমত বসৱাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধ যাতে অক্ষুণ্ণ থাকে তাৰ বাবে প্ৰাৰ্থনা কৰা বুলি সদৰি কৰে । দেৱী দুৰ্গাৰ আৰ্শীবাদত উপ- নিৰ্বাচনত গোসাঁইগাঁও সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীয়ে জিকিব বুলিও দাবী কৰিছে মহিলাৰীয়ে ৷

উল্লেখ্য যে, গোসাঁইগাঁও সমষ্টিত বিপিএফ দলে ধ্ৰৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in