বিজেপিৰে বিটিএডিত মিত্ৰতা অসম্ভৱ, গীৰ্জা উদ্বোধন কৰি ক’লে হাগ্ৰামাই

বিজেপিৰে বিটিএডিত মিত্ৰতা অসম্ভৱ, গীৰ্জা উদ্বোধন কৰি ক’লে হাগ্ৰামাই

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ষষ্ঠীৰ উলহ মালহৰ মাজতে সোমবাৰে কোকৰাঝাৰ ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত নৱনিৰ্মিত আটকধুনীয়া গীৰ্জাঘৰ মুকলি কৰা হয়। ডনবস্ক' কৰ্তৃপক্ষই ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা আটকধুনীয়া গীৰ্জাঘৰটো মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে বঙাইগাঁও ডায়োচিজৰ বিশ্বপ ৰেভাৰেণ্ট টোমাজ ফুলোপিলিয়ে।

নৱনিৰ্মিত চেইণ্ট ডনবস্ক' কেথলিক গীৰ্জা উদ্বোধনী অনুষ্ঠানৰ সতে সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

গীৰ্জাঘৰৰ উদ্বোধনী সভাত নিজ ভাষণত হাগ্ৰামা মহিলাৰীয়ে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ হকে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ ১৯৮৬ চনতে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল যদিও বড়ো আন্দোলনত লাগি থকা বাবেই ধৰ্ম মনা নহ'ল বুলি উল্লেখ কৰি অকল প্ৰাৰ্থনা কৰিলেই ধাৰ্মিক হব নোৱাৰি বৰং মন পৰিস্কাৰ হ'লেহে প্ৰকৃত ধাৰ্মিক বুলি মন্তব্য কৰে।

ইপিনে উক্ত মুকলি সভাৰ পিছতেই হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে কোকৰাঝাৰ আৰু মঙ্গলদৈ লোকসভা সমষ্টিত এককভাৱে প্ৰতিদ্বন্দিতা কৰিব বুলি স্পষ্ট কৰি দিয়ে।

এইক্ষেত্ৰত কোনো আপোচ নহয় যদিও বাকী সমষ্টিত বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে। তদুপৰি ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলেই পুনৰাই বিটিচি দখল কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে মহিলাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in