এবছুক কঠোৰ সমালোচনা হাগ্ৰামাৰ, ক’লে, ‘প্ৰমোদ বড়ো মিছলীয়া’, VIDEO

এবছুক কঠোৰ সমালোচনা হাগ্ৰামাৰ, ক’লে, ‘প্ৰমোদ বড়ো মিছলীয়া’, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে এবছুৰ সভাপতিৰ পৰা অব্যাহতি লোৱাৰ পিছতেই প্ৰমোদ বড়োক চোকা সমালোচনা কৰিছে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বৃহস্পতিবাৰে কোকৰাঝাৰৰ গৌৰাং ভেলী হোটেলত এক সংবাদমেল আয়োজন কৰি ৰাজনীতিত অহাৰ পিছত প্ৰমোদ বড়োই দুগুন মিছা কথা কব বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰিছে।

এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক মিছলীয়া বুলি আখ্যা দি মহিলাৰীয়ে কয় যে, এবছুৰ দৰে ছাত্ৰ সংগঠনত থকাৰ পিছতো প্ৰমোদ বড়োৱে মিছা কথাৰে ৰাইজক আভূৱা ভৰিছিল আৰু এতিয়া ৰাজনীতিলৈ অহাৰ পিছত দুগুণ মিছা কব বুলি মন্তব্যৰে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে দিল্লীত বড়োলেণ্ড নালাগে বুলি লিখি দি আহিছে বুলি অভিযোগ কৰে মহিলাৰীয়ে।

ইপিনে বিপিএফ, বিজেপি আৰু অগপৰ মিত্ৰতা অব্যাহত থাকিব আৰু সকলো জাতি জনগোষ্ঠীক লৈ পূৰ্বৰ দৰেই বিপিএফে আগবাঢ়ি যাব বুলি মন্তব্য কৰি আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফৰ বিজয় এশ শতাংশই নিশ্চিত বুলি দাবী কৰিছে।

আনহাতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মলৈ পূৰ্বৰ অফাৰ এতিয়াও আছে বুলি মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্ম বিপিএফলৈ আহিলে ৰাজ্যসভাৰ সাংসদ পদ দিয়া হ'ব বুলি ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in