কোকৰাঝাৰত পতাকা উত্তোলন কৰি এনডিএফবিলৈ শান্তিৰ বাৰ্তা হাগ্ৰামাৰ

কোকৰাঝাৰত পতাকা উত্তোলন কৰি এনডিএফবিলৈ শান্তিৰ বাৰ্তা হাগ্ৰামাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সমগ্ৰ দেশৰ লগতে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে আজি পুৱা ৯ বজাত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এনচিচি, আৰক্ষী, নিৰাপত্তা বাহিনীৰ কুচকাৱাজ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী জনতাক উদ্দেশ্যি দিয়া দিয়া নিজ ভাষণত সকলোকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখি উন্নয়নৰ দিশে ধাৱমান হবলৈ আহ্বান জনায়। হিংসাৰ পৰিৱৰ্তে আলোচনাৰ মাজেৰে শান্তিপূৰ্ণ সমাধানৰ পোষকতা কৰি হাগ্ৰামা মহিলাৰীয়ে এনডিএফবিৰ জি. বিদাই, ৰঞ্জন দৈমাৰী, গোৱিন্দ বসুমতাৰীৰ সৈতে একেলগে আলোচনা কৰিবলৈ আহ্বান জনাইছে।

এনডিএফবিৰ জি. বিদাইক বাদ দি আলোচনা কৰিলে আলোচনা ফলপ্ৰসু নোহোৱাৰ সম্ভাৱনাও ব্যাক্ত কৰিছে মহিলাৰীয়ে। আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিটিচি প্ৰশাসনৰ কোনো আপত্তি নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

উল্লেখ্য যে আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীতে হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা কৃতিমান সকলক সম্বৰ্ধনা জনায়। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী, ৰাজীৱ ব্ৰহ্ম, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱা, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱা আদিকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় সহস্ৰাধিক সাধাৰণ জনতাও স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in