ওদালগুৰিৰ ৰাইনো ৰেষ্টুৰেণ্টত পুনৰ ধীৰেণ বড়োৰ সৈতে হাগ্ৰামা! কি কি বিষয় আলোচনা কৰা হ’ল বৈঠকত?

ওদালগুৰিৰ ৰাইনো ৰেষ্টুৰেণ্টত পুনৰ ধীৰেণ বড়োৰ সৈতে হাগ্ৰামা! কি কি বিষয় আলোচনা কৰা হ’ল বৈঠকত?

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিটিএডি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সকলোবোৰ ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচকাৱাজ। কোকৰাঝাৰৰ আৰণাই হোটেলত এনডিএফবিৰ বিভাজিত গোটৰ নেতা ধীৰেণ বড়োৰ সৈতে হাগ্ৰামা বাহিনীয়ে অনুষ্ঠিত কৰা বৈঠকখনকলৈ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে এইবাৰ ওদালগুৰিৰ ৰৌতাস্থিত ৰাইনো ৰেষ্টুৰেণ্টত এনডিএফবিৰ উক্ত গোটটোৰ সৈতে পুনৰ বহিল হাগ্ৰামা বাহিনী।

বৈঠকত পৰিষদখনৰ কেইবাগৰাকীও ইএম আৰু এমচিএলএসকল উপস্থিত থাকে। ইফালে বুধবাৰৰ এই সভাত এনডিএফবিৰ বিভাজিত গোটৰ নেতা ধীৰেণ বড়ো উপস্থিত থকাৰ কথা বিপিএফৰ এক নিৰ্ভৰযোগ্য সূত্ৰই সাংবাদিকক জানিবলৈ দিয়ে। মুলত সমাগত বিটিএডি নিৰ্বাচনত হাগ্ৰামা বাহিনীৰ সৈতে একগোট হৈ কাম কৰাৰ বাবে বুধবাৰে জিলাখনৰ ইএম, এমচিএলএসকলৰ সৈতে উক্ত এনডিএফবি গোটৰ সদস্যসকলৰ মাজত এক ব্যতিক্ৰমী চা-চিনাকি পৰ্ব অনুষ্ঠিত হোৱা বুলি সূত্ৰটোৱে এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰে‌।

কেৱল এয়াই নহয় জানিব পৰা মতে বুধবাৰে উক্ত ৰেষ্টুৰেণ্টখনত হাগ্ৰামা বাহিনীয়ে পৃথকে পৃথকে ৰাভা, গোৰ্খা আৰু আদিবাসী নেতৃত্বৰ লগতো আলোচনা কৰে। ইফালে সাংবাদিকৰ সন্মুখীন হৈ বিটিচি প্ৰধান গৰাকীয়ে এয়া এক দলীয় বৈঠক আখ্যা দিয়ে যদিও বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰাৰ কথা স্বীকাৰ কৰে। এনডিএফবি(প্ৰ)ৰ সভাপতি ধীৰেন বড়োই বৰ্তমান সময়ত সুকীয়া বড়ো ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব আৰু হাগ্ৰামা মহিলাৰীয়ে এই আলোচনাৰ মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি বুলি সংবাদ মাধ্যমক মহিলাৰীয়ে জনায়।

যিসময়ত বিটিএডিৰ বিৰোধী দল ইউপিপিএলৰ সৈতে বিপিএফ দলৰ আলোচনা সন্দৰ্ভত চৰ্চা অব্যাহত আছে তেনে সময়তে হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলটোৱে এনডিএফবি(প্ৰ)ৰ আনটো গোটৰ সৈতেহে অধিক ঘনিষ্ঠ হোৱা পৰিলক্ষিত হৈছে। ইফালে নিৰ্বাচনত নৱ কুমাৰ শৰণীয়া ফেক্টৰ হ'ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত মহিলাৰীয়ে নৱ শৰণীয়াক কেৱল মিডিয়াৰহে হিৰো বুলি আখ্যা দিয়ে। যিসময়ত পৃথক ৰাজ্যৰ দাবীৰে এবছুৱে আন্দোলন ঘোষণা কৰিছে তেনে সময়তে মহিলাৰীয়ে গুৰুত্বপূৰ্ণ ভাষ্য প্ৰদান কৰি কয় যে, পৃথক ৰাজ্য লাভ কৰাটো বৰ্তমান সম্ভৱ নহয়। চৰকাৰেও পৃথক ৰাজ্য সন্দৰ্ভত বৰ্তমান কোনো সংগঠনেৰে সৈতে আলোচনা নকৰে। সেয়েহে বৰ্তমান এই বিষয়টো এৰি চলাৰ বাবে চৰকাৰে ধীৰেণ বড়ো গোটৰ সৈতে আলোচনা কৰিব বুলি উল্লেখ কৰি ৰঞ্জন গোটো এই আদৰ্শৰে আলোচনাত বহিব বুলি উল্লেখ কৰি অতি সোনকালে চুক্তি স্বাক্ষৰিত হোৱাৰ ইংগিত প্ৰদান কৰে। বুধবাৰৰ এই সভাত বিটিএডিৰ বহু কেইগৰাকী ইএম, এমচিএলএসকল উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in