শালগছ কাটি নিৰ্বাচনৰ ধন বাহিৰ কৰিছে এবছুৱেঃ হাগ্ৰামা

শালগছ কাটি নিৰ্বাচনৰ ধন বাহিৰ কৰিছে এবছুৱেঃ হাগ্ৰামা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত দেওবাৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মুলত নিৰ্বাচনক উপলক্ষ্য কৰিয়ে অনুষ্ঠিত হোৱা বিপিএফৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিটিএডিৰ চাৰিওখন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। ধৰ্মীয় সংখ্যালঘু পৰিষদৰ উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

মুখ্য অতিথিৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে এবছু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াক ক্ষুৰাধাৰ সমালোচনা কৰে। ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে এবছু আৰু এনডিএফবি(প্ৰ)য়ে নিজ সমৰ্থিত প্ৰাৰ্থীৰ ধনৰ যোগান ধৰিবলৈ শালগছ কাটি বিক্ৰী কৰি নিৰ্বাচনৰ ধন উলিওৱাৰ গুৰুতৰ অভিযোগ কৰে। কচুগাঁৱৰ উত্তৰ ফালে এবছু আৰু এনডিএফবি(প্ৰ)য়ে তেওঁলোকৰ প্ৰাৰ্থীৰ নিৰ্বাচনৰ ধনৰ খৰছ উলিয়াবলৈ শাল গছ কাটি ধ্বংসযজ্ঞ কৰা সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে বুলি মন্তব্য কৰি মহিলাৰীয়ে নিৰ্বাচনৰ ধনৰ যোগাৰ ধৰিবলৈ এবছু আৰু এনডিএফবি(প্ৰ)ৰ বনধ্বংস কঠোৰ ভাষাৰে সমালোচনা কৰে।

তদুপৰি বদৰুদ্দিন আজমলে এবছুক সমৰ্থন দিয়া কথাটোতো সন্দেহ প্ৰকাশ কৰি এয়া অপপ্ৰচাৰো হ'ব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে মহিলাৰীয়ে। ইফালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে মত প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে ভাগ্য ভাল থাকিলে বিটিচি ভৱিষ্যতে আপগ্ৰেড হ'ব বুলিও আশা প্ৰকাশ কৰি বিটিএডিত অখিল গগৈৰ কোনো প্ৰভাৱ নাই বুলি দাবী কৰে।

ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আফজাল হক সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপদেষ্টা বক্তাৰ আলি আহমেদে বিপিএফৰ প্ৰতি সমৰ্থন ব্যাক্ত কৰি সাংসদ নৱ কুমাৰ শৰণীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰি নৱ কুমাৰ শৰণীয়া সাংসদ নোহোৱা হ'লে ইমানদিনে জেলত থাকিব লাগিলহেতেন বুলিও মন্তব্য কৰে।

তদুপৰি বদৰুদ্দিন আজমলে এবছুক সমৰ্থন দিয়া কাৰ্য কিমানদুৰ সমীচিন হৈছে বুলি মন্তব্য কৰি উন্নয়নৰ স্বাৰ্থত বিপিএফৰ বিকল্প নাই আৰু সেয়েহে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ প্ৰতি অকুণ্ঠ সমৰ্থন ব্যাক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in