বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোট চৰকাৰে ১১ খন আসন দখল কৰিবঃ হাগ্ৰামা

বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোট চৰকাৰে ১১ খন আসন দখল কৰিবঃ হাগ্ৰামা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত হৈ উঠিছে৷ কংগ্ৰেছ, বিপিএফ, চিপিআই (এম) আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজ নিজ প্ৰচাৰ অভিযান তুংগত তুলিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে ঝাৰবাৰী ব্লক বিপিএফৰ উদ্যোগত ঝাাৰবাৰী খেল পথাৰত বিপিএফৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ সভাত বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি এবছু আৰু এনডিএফবিক পূৰ্বৰ দৰেই কঠোৰ ভাষাৰে সমালোচনা কৰে৷

বিশাল নিৰ্বাচনী সভাখনত হাগ্ৰামা মহিলাৰীয়ে কয় যে, এবছু আৰু এনডিএফবিয়ে মানুহৰ ঘৰে ঘৰে গৈ ভয়- ভাবুকি দি অহা সত্বেও ৰাইজে ভয় নকৰি বিপিএফ দলৰ হৈ কাম কৰি আহিছে৷ মাটিৰ পট্টা এবছু আৰু এনডিএফবিয়ে কোনো দিনে দিব নোৱাৰে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিজেপিৰ মিত্ৰদলীয় চৰকাৰৰ অংশীদাৰ হৈ হিতাধীকাৰীক বিপিএফে মাটিৰ পট্টা দিয়াৰ কথা সদৰি কৰি কংগ্ৰেছৰ দিনত বিপিএফে সুবিধা নোপোৱাৰ বাবে মাটিৰ পট্টা দিব পৰা নাছিল বুলি উল্লেখ কৰে। এবছু, এনডিএফবি (প্ৰ) সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক ভোট দিয়া মানে এনডিএফবিক পুণৰাই শক্তিশালী কৰা বুলি মত পোষণ কৰি মহিলাৰীয়ে এনডিএফবি শক্তিশালী হলে ৰাইজৰ হে বেয়া হব বুলি ভাষণ প্ৰসংগত সদৰি কৰে।

এবছুৰ সভাপতি প্ৰমোদ বড়োক পুনৰাই দালাল আখ্যা দি হাগ্ৰামা মহিলাৰীয়ে ছিকিম আৰু পশ্চিম বংগত যিহেতু গোৰ্খা সকলে জনজাতিৰ মৰ্যদা উপভোগ কৰি আছে আৰু সেয়েহে অসমত বসবাস কৰা গোৰ্খা সকলো জনজাতিৰ মৰ্যদা পাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে৷ একেদৰে কোচ ৰাজবংশী আৰু আদিবাসী সকলেও জনজাতিকৰণৰ মৰ্যদা লাভ কৰিব বুলি সদৰি কৰি মহিলাৰীয়ে এইক্ষেত্ৰত এবছু আৰু এনডিএফবিয়ে এশবাৰ আন্দোলন কৰিলেও জনজাতিকৰণত বাধা দিব নোৱাৰিব বুলি ভাষণত উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে৷

উল্লেখ্য যে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে দুৰামাৰী আৰু ছালাকাটিতো পাঁচ নং লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ ইপিনে সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোট চৰকাৰে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চাৰিখন, দ্বিতীয় পৰ্যায়ত চাৰিখন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত তিনিখন আসন দখল কৰি সৰ্বমুঠ ১৪ আসনৰ ভিতৰত ১১ খন আসনেই দখল কৰিব।

ইফালে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত এইবেলি বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ জিকাটো খাটাং বুলি উল্লেখ কৰি সমষ্টিটোত দ্বিতীয় স্থানত কংগ্ৰেছ, তৃতীয় স্থানত নৱ কুমাৰ শৰণীয়া আৰু চতুৰ্থ স্থানত এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম থাকিব বুলিও ভৱিষ্যতবাণী কৰে৷ আজিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ছোৱাত হাগ্ৰামা মহিলাৰীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in