বিজেপি এৰি এনপিপিলৈ ডিমা হাছাওৰ হাফলংবাৰ

বিজেপি এৰি এনপিপিলৈ ডিমা হাছাওৰ হাফলংবাৰ

ডিজিটেল সংবাদ, হাফলংঃ মেঘালয়ত শাসনৰ গাদী দখলৰ পিছত এইবাৰ ডিমা হাছাও জিলা হৈ অসমত প্ৰৱেশৰ যো-জা চলাইছে নেশ্যনেলিষ্ট পিপ'লছ পাৰ্টীয়ে। এই অনুযায়ী শনিবাৰে জিলাখনৰ এখন সভাত ভাগ লয় দলটোৰ নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

এই সভাখনতে দলটোত যোগ দিয়ে উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সমৰজিত্‍ হাফলংবাৰে। হাফলংবাৰৰ লগতে এনপিপিত যোগ দিয়ে আন ১৫ জন সদস্যই।

সভাখনত ভাষণ প্ৰদান কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীগাৰকীয়ে কয় যে এতিয়াৰে পৰা এনপিপিয়ে অসমতো সাংগঠনিক কাম-কাজ আৰম্ভ কৰিব। এন আৰ চি সন্দৰ্ভতো মন্তব্য কৰে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰয়োজন হ'লে মেঘালয়তো এন আৰ চি উন্নীতকৰণৰ কাম আৰম্ভ কৰা হ'ব বুলি সদৰী কৰে চাংমাই।

উল্লেখ্য যে ২০১৫ চনত কংগ্ৰেছ দলৰ পৰা আহি বিজেপিত যোগ দিছিল পাৰ্বত্য জিলাখনৰ প্ৰভাৱশালী নেতাজনে। এতিয়া পুনৰ বিজেপিৰ পৰা এনপিপি দললৈ গৈ হাফলংবাৰে কিদৰে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in