২০০৮ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক জে’ললৈ প্ৰেৰণ…

২০০৮ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক জে’ললৈ প্ৰেৰণ…

ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু জমাট-উদ-দাবাৰ মুৰব্বী হাফিজ ছৈয়দক টেৰৰ ফাণ্ডিং গোচৰত পাকিস্তানৰ ন্যায়ালয়ে ৫ বছৰ কাৰাবাসৰ শাস্তি বিহিছে। হাফিজ ছৈয়দক টেৰৰ ফাণ্ডিঙৰ দুটা গোচৰত চাৰে পাঁচ-চাৰে পাঁচ বছৰকৈ কাৰাবাসৰ ৰায় প্ৰদান কৰে পাকিস্তানৰ ন্যায়ালয়ে।

লগতে ন্যায়ালয়ে দুয়োটা গোচৰত হাফিজক ১৫-১৫ হাজাৰকৈ মুঠ ৩০ হাজাৰ টকা জৰিমনা বিহাৰো ৰায় প্ৰদান কৰে। উল্লেখ্য যে, ২০০৮চনত মুম্বাইত সংঘঠিত কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল হাফিজ ছৈয়দ। এই ঘটনাত প্ৰায় ১৬৬জন লোকে প্ৰাণ হেৰুৱাইছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in