জিম হাউচ আৰু যোগ চেন্টাৰ সমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা…

জিম হাউচ আৰু যোগ চেন্টাৰ সমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা…

ডিজিটেল ডেস্কঃ পাঁচ আগষ্টৰ পৰা দেশত খুলিবলৈ নিৰ্দেশ দিয়া হৈছে জিম আৰু যোগ কেন্দ্ৰসমূহ। কিন্তু আনলকৰ সময়ছোৱাত জিম অথবা যোগ কেন্দ্ৰ সমূহে মানি চলিব লাগিব কেতবোৰ বিশেষ নিৰ্দেশনা। বিশেষকৈ ছয় ফুট দুৰত্ব, মাস্কৰ ব্যৱহাৰ বাধ্যতমুলক কৰিছে জিম হাউচ আৰু যোগ কেন্দ্ৰ সমূহত।

এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশাৱলী অনুসৰি ৬৫ বছৰৰ ওপৰৰ ব্যক্তি অথবা ৰোগীয়া ব্যক্তি, গৰ্ভৱতী মহিলা আৰু কম বয়সীয়া ল'ৰা-ছোৱালীক বন্ধ কোঠাৰ ভিতৰত শৰীৰ চৰ্চা কৰিবলৈ বাধা আৰোপ কৰিছে। যোগ অথবা জিম হাউচ সমূহে ছয় ফুটৰ শাৰিৰীক দূৰত্ব মানি চলিব লাগিব।

ব্যায়ামৰ সময়ত চেনিটাইজাৰ অথবা চাবুনেৰ হাত সঘনাই ধুব লাগিব। চাবুনেৰে ৪০ পৰা ৬০ ছেকেণ্ড আৰু চেনিটাইজাৰেৰে ২০ ছেকেণ্ড সময় হাত পৰিস্কাৰ কৰিব লাগিব। যোগ আৰু জিম চেন্টাৰ সমূহত পিক অথবা থু পেলাব নোৱাৰিব। এই ক্ষেত্ৰত জিম আৰু যোগ চেন্টাৰ কৰ্তৃপক্ষই বিশেষ চকু দিব লাগিব। এই স্থান সমূহত ম'বাইলত ফোনত আৰোগ্য সেঁতু এপ থাকিব লাগিব।

নিৰ্দেশাৱলীত প্ৰকাশ পোৱা মতে জিম আৰু যোগ চেন্টাৰ সমূহত থকা এয়াৰ কণ্ডিচনাৰৰ টাপমান ২৪ৰ পৰা ৩০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব লাগিব। মাছুল সংগ্ৰহৰ ক্ষেত্ৰত অনলাইল যোগে লেনদেন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে নিৰ্দেশাৱলীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in