জ্ঞানোদয় জাতীয় বিদ্যালয় বঙাইগাঁৱত জ্যোতিৰ্বিজ্ঞান বিষয়ক কৰ্মশালা…

জ্ঞানোদয় জাতীয় বিদ্যালয় বঙাইগাঁৱত জ্যোতিৰ্বিজ্ঞান বিষয়ক কৰ্মশালা…

ডিজিটেল সংবাদ, আন্ধেৰীঘাট: অন্ধবিশ্বাসৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যি আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত এলানি কৰ্মশালা অনুষ্ঠিত হয়। প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰনমাৰ্চ এছ'চিয়েশ্বন আৰু বেচৰকাৰী সংস্থা ইনাৰ ভিজন, দুনীৰ উদ্যোগত আৰু জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক তেজেশ ত্ৰিপাঠীয়ে।

বঙাইগাঁও জিলাৰ কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি কমল কুমাৰ নাথে মহাকাশৰ বিভিন্ন পৰিঘটনা আৰু বিজ্ঞানৰ বিভিন্ন আবিষ্কাৰ সন্দৰ্ভত দৃশ্য শ্বব্য মাধ্যমৰ যোগেদি উপস্থাপন কৰে । ইনাৰ ভিজনৰ অনুষ্ঠান সঞ্চালক লোকেশ্বৰ নাথে আঁত ধৰা অনুষ্ঠানটিত বীৰঝৰা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক মানবেন্দ্ৰ দাস, জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ সঞ্চালক অশোক দাস, প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি বিজ্ঞান সজাগতা বিষয়ক বক্তব্য ৰাখে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in