একক সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ মহাজোঁটে গঠন কৰিব চৰকাৰঃ আঞ্চলিক গণ মৰ্চাৰ সংবাদমেল…

একক সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ মহাজোঁটে গঠন কৰিব চৰকাৰঃ আঞ্চলিক গণ মৰ্চাৰ সংবাদমেল…

ডিজিটেল সংবাদ, গুৱাহাটীঃ বুধবাৰে আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত এখনি সংবাদমেল সম্বোধন কৰে আঞ্চলিক গণ মৰ্চাই নেতৃত্বই। এই সংবাদমেলত উপস্থিত থাকে মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু মৰ্চাৰ কাৰ্যকৰী সভাপতি তথা দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মনজিৎ মহন্তৰ উপৰিও মৰ্চাৰ কেইবাগৰাকীও নেতা।

সংবাদমেলৰ জৰিয়তে মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা ২০২১ৰ বিধানসভা নিৰ্বাচনত জনতাৰ সহাঁৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগত কয় যে, ২ মেত অসমত মহাজোঁটৰ চৰকাৰ হোৱাটো একপ্ৰকাৰৰ নিশ্চিত।

ই ভি এম বিসংগতিক লৈ ভূঞাই কয় যে, ৰাজ্যৰ বিভিন্ন স্থানত ই ভি এম টেম্পাৰিং কৰিবলৈ দুষ্ট চক্ৰই প্ৰচেষ্টা চলাই আছে যদিও ৰাইজৰ সৰ্তকতাৰ বাবে বহুখিনি ৰোধ হৈছে। এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ কঠোৰ স্থিতি গ্ৰহণৰ পোষকতা কৰে আঞ্চলিক গণ মৰ্চাই।

ইফালে দিছপুৰ সমষ্টিৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত সাংসদগৰাকীয়ে কয় যে, দিছপুৰ সমষ্টিত আঞ্চলিক গণ মৰ্চা তথা কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী মনজিত মহন্ত বিজয়ী হোৱাটো একেবাৰে নিশ্চিত। আমি শেহতীয়াকৈ কৰা হিচাপ-নিকাচত বিজেপি প্ৰাৰ্থী অতুল বৰা পৰাজিত হৈছে।

আনফালে বোকাখাত সমষ্টিৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মৰ্চাৰ সভাপতি ভূঞাই। তেওঁ কয়, বোকাখাত প্ৰাৰ্থীগৰাকী অতি উচ্চশিক্ষিত যুৱক, শোষিত জনতাৰ হৈ তেওঁ বহুদিনৰে পৰা তেওঁ মাত আহি আহিছে। তেওঁৰ প্ৰতীক যিহেতু টৰ্ছলাইট, গতিকে এই আন্ধাৰ-পোহৰৰ খেলাত আমাৰ প্ৰাৰ্থীগৰাকী নিশ্চিতভাৱে জয়ী হবই।

মিত্ৰজোঁটে কিমানখন আসন লাভ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, সংখ্যাগৰিষ্ঠতা লাভ কৰি মহাজোঁটে চৰকাৰ গঠন কৰিবই। প্ৰথম পৰ্যায়ত কংগ্ৰেছ মহাজোঁটে ২০ৰো অধিক আসন লাভ কৰাটো নিশ্চিত। দ্বিতীয় পৰ্যায়ত ২১-২২খন আৰু তৃতীয় পৰ্যায়ত কংগ্ৰেছ মহাজোঁটে ২৬-৩০খন লাভ কৰিব মহাজোঁটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in