গুৱাহাটীত নাবালিকাক বলাৎকাৰ ৬৮ বছৰীয়া ব্যক্তিৰ…

গুৱাহাটীত নাবালিকাক বলাৎকাৰ ৬৮ বছৰীয়া ব্যক্তিৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ এক লাজ লগা কাণ্ড সংঘটিত হল গুৱাহাটী মহানগৰীত। নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে মাত মাতি থকাৰ মাজতে মহানগৰীত সংঘটিত হল এক ধৰ্ষণ কাণ্ড।

উল্লেখ্য যে মহানগৰীৰ গণেশ নগৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। দোকান কৰিবলৈ ওলাই যোৱা এটি নাবালিকাক ৰাজপথৰ পৰা ফুচুলাই নি ধৰ্ষণ কৰে এগৰাকী ৬৮ বছৰীয়া ব্যক্তিয়ে। মঙলবাৰে দিনত সংঘটিত এই ঘটনাটি সংঘটিত কৰে অক্ষয় বৰ্মন নামৰ এই ব্যক্তিগৰাকীয়ে ।

ইফালে মনে মনে এই জঘন্য ঘটনাটো কৰি লম্পট বৰ্মনে পলাই সাৰিবলৈ চেষ্টা চলাইছিল যদিও ওচৰ-চুবুৰীয়াই নিশা ঘটনাটো নাবালিকাৰ পৰা গম পাই ততালিকে চানমাৰী আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে লম্পটটোক বিচাৰি অভিযান চলাই অৱশেষত নিশাই গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in