বৃহত্তৰ গুৱাহাটীৰ ২৫খন সমবায়ক আৱন্টন দিয়া ৩০হাজাৰ বিঘা কৃষিভূমি কাৰ হাতত?

বৃহত্তৰ গুৱাহাটীৰ ২৫খন সমবায়ক আৱন্টন দিয়া ৩০হাজাৰ বিঘা কৃষিভূমি কাৰ হাতত?

বৃহত্তৰ গুৱাহাটীৰ ২৫খন সমবায়ক আৱন্টন দিয়া ৩০হাজাৰ বিঘা কৃষিভূমি কাৰ হাতত?

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কেবিনেটত দৰঙৰ চৰ এলেকাৰ বেদলখীকৃত ৭০বিঘা মাটি পুনৰ উদ্ধাৰ কৰি উক্ত কৃষিভূমিৰ জৰিয়তে নতুন এক কৃষি বিল্পৱৰ সূচনা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সন্দেহ যুক্ত নাগৰিকৰ দখলত থকা বুলি কোৱা মহানগৰীৰ দাতি কাষৰীয়া দৰঙৰ এই কৃষিভূমি শাক-পাচলিকে ধৰি অন্যান্য খেতিৰে গুৱাহাটীৰ মহানগৰীৰ শাক-পাচলিৰ চাহিদা পূৰণৰ লক্ষ্যও সন্মুখত ৰখা হৈছে। নিশ্চিতভাৱে এয়া এক আনন্দদায়ক বতৰা। কিয়নো বাস্তৱত সেইয়া হৈ উঠিলে গুৱাহাটীৰ ৰাইজে বৰপেটা, খাৰুপেটীয়া আদিৰ পৰা অহা শাক-পাচলি অত্যাধিক দামত মহানগৰীৰৰ বজাৰত ক্ৰয় কৰিব লগা নহ'ব। আনহাতে ইয়াকে লৈ চিণ্ডিকেটৰাজ চলোৱা মধ্যভোগী চামটোৰো কমিচন খোৱা মুধা মৰিব।

কিন্তু আশ্বৰ্যজনক কথাতো হ'ল- দৰঙৰ চাপৰিত বসবাস কৰি খেতি-বাতি কৰি চলি থকা এই লোকসকলৰ মাজত যদি অবৈধ নাগৰিক আছে অথবা চৰকাৰৰ আৱন্টন অবিহনে বেদখলীকৃত মাটিত এওলোকে খেতি-বাতি কৰি ৰাজভোগ খাইছে, তেওঁলোকক উচ্ছেদ কৰা প্ৰয়োজন যদিও গুৱাহাটী মহানগৰ আৰু দাতিকাষৰীয়া কামৰূপ গ্ৰাম্য জিলাতে ৩০হাজাৰ বিঘাৰো অধিক মাটি কৃষিকৰ্মৰ বাবে ৬৫খন সমবায়ে চৰকাৰৰ পৰা আৱন্টন লৈ ইয়ত কোনো কৃষিকৰ্ম চলোৱা নাই। ৮০দশকৰ পৰাই বিভিন্ন প্ৰভাৱ খটুৱাই এইসমূহ সমবায়ে শাক-পাচলিৰ খেতিৰে মহানগৰবাসীৰ চাহিদা পূৰণ কৰাৰ বাবে বৃহত পৰিমাণৰ এই ভূমি আৱন্টন লৈছিল যদিও ইয়াৰ ভিতৰত ৮০ শতাংশ সমবায়ে কোনো কৃষিকৰ্ম এই মাটিত চলোৱা নাই।

আনহাতে অধিকাংশ সমবায়তে এজন-দুজনৰ বাহিৰে নাই কোনো কৃষক। শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্যমতে বৃহতসংখ্যক প্ৰভাৱশালী লোকে ৩০হাজাৰ বিঘা মাটি মহানগৰীখনৰ দাঁতিতে আৱন্টন লৈ কৃষিৰ পৰিৱৰ্তে ঘৰ দুৱাৰ বনাই ভাড়ালৈ দিয়া, সৰু-সুৰা ব্যৱসায়-প্ৰতিষ্ঠান গেৰেজ আদি স্থাপন কৰাৰ দৰে কামতহে ব্যৱহাৰ কৰিছে। একচনা পট্টাৰ বিপৰীতে খাজনা আদায় দি বৰ্তমান বহুমূলীয়া সম্পত্তিত পৰিণত হোৱা এই বৃহত পৰিমাণৰ ভূমিখণ্ড ম্যাদী কৰাৰ পিছত বৃহত ধনৰ বিনিময়ত বিক্ৰী কৰাৰ পৰিকল্পনাও অব্যাহত ৰাখিছে। অসমৰ সমবায় বিভাগৰ পঞ্জীয়ন থাকিলেও বিভাগটোৰ একাংশ বিষয়াৰ সৈতে মিতিৰাতি থকাৰ বাহিৰে এই সমবায় সমিতিসমূহৰ গৰিষ্ঠ অংশই নিয়মমতে বিভাগক জমা দিব লগা বাৰ্ষিক আয়-ব্যয়ৰ খতিয়ান দিয়া অথবা নবীকৰন কৰা আদিৰ দৰে বাধ্যতামূলক কাৰ্যবোৰ বিভাগীয় কাৰ্যালয়লৈ নহাকৈয়ে কাৰ্যালয়ৰ নথি মতে কৰি ৰাখিছে।

অথচ, মহানগৰীৰে দাঁতিত শাক-পাচলি উৎপাদন কৰি গুৱাহাটীৰ ৰাইজক সুলভ মূল্যত শাক-পাচলি যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 'ভিজিটেব'ল ইনিচিয়েটিভ ফৰ আৰৱান ক্লাষ্টাৰ' বুলি থকা কেন্দ্ৰীয় চৰকাৰৰ আচঁনি খনৰ ধনৰাশিও বিনা কৃষিকৰ্মৰেই একাংশ সমবায়ে ভোগ কৰি অহাৰ অভিযোগ আছে। ইফালে আন এক গুৰুতৰ অভিযোগ মতে, যদিও থলুৱা কৃষকৰ নাম দি উক্ত বৃহত ভূমিখণ্ডৰ আৱন্টন লোৱা হৈছিল বৰ্তমান এই সমবায় সমিতিসমূহত গুৱাহাটীত স্থায়ীভাৱে থাকিবলৈ লোৱা ৰাজ্যৰ বাহিৰৰ এচাম চহকী লোককো অন্তভূক্ত কৰি লোৱা হৈছে। বৃহত্তৰ

ইফালে ৰজাঘৰত প্ৰায় সকলোৱে সম্পূৰ্ণৰূপে মিছাত চলি থকা এই সমবায় সমিতি সমূহৰ কাৰ্যকলাপৰ বিষয়ে অৱগত যদিও একাংশ প্ৰভাৱশালী লোক ইয়াৰ সৈতে জড়িত থকাৰ বাবেই বিষয়টো ৰাজহুৱা কৰাৰ পৰা যিদৰে সংবাদমাধ্যম বিৰত আছে সেই একেদৰেই চৰকাৰেও বাট কচু গাত ঘহিঁ লোৱাৰ দৰে কাৰ্যৰ পৰা বিৰত থাকি চৰকাৰৰ বৃহত পৰিমাণৰ ভূ সম্পত্তি একাংশ লোকক এনেদৰে আত্মসাৎ কৰাৰ সুযোগ উলিয়াই দিছে। এনে পৰিপ্ৰেক্ষিতত কেবিনেটৰ সিদ্ধান্ত মৰ্মে দৰঙৰ চৰত উচ্ছেদ অভিযান চলাই কাগজে-কলমে কৃষি সমবায় সমিতি স্থাপন কৰা হব বুলি কলেও ভৱিষ্যতে যে এয়া একাংশ প্ৰভাৱশালী লোকৰ ব্যক্তিগত সম্পত্তিত হে পৰিণত হব, কৃষি বিপ্লৱ নহয়। সেয়াও নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in