সাৱধান! গুৱাহাটীত য’তে-ততে জাবৰ পেলালে আপুনি ভৰিব জৰিমনা…

সাৱধান! গুৱাহাটীত য’তে-ততে জাবৰ পেলালে আপুনি ভৰিব জৰিমনা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত জাবৰ- জোথঁৰ পেলাওতে এতিয়াৰে পৰা আপুনি সাৱধান হওঁক । গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত মঙলবাৰে দিছপুৰ লাষ্টগেটত মুকলি হয় ফ্লাইং স্কোৱাড সেৱা ।

১৩ জুলাইৰ পৰা ৩১জুলাইলৈ চলিব এই ফ্লাইং স্কোৱাড সেৱা। উল্লেখ্য এই সেৱা মঙলবাৰে মুকলি কৰি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্যই কয় ফ্লাইং স্কোৱাডে মহানগৰী চাফ চিকুণতাত সহায়ক কৰিব লগতে এই সজাগতাৰ জৰিয়তে নলাৰ পৰিস্কাৰ তথা কৃত্ৰিম বিভিন্ন সমস্যা হ্ৰাস পাব ।

ইফালে মহানগৰীৰ ২৬ নং ৱাৰ্ডৰ পৰা এই ফ্লাইং স্কোৱাডে কাম আৰম্ভ কৰিব । পৌৰ নিগমৰ এই ফ্লাইং স্কোৱাডৰ ৪ গৰাকী কৰ্মচাৰীয়ে গাড়ীৰে প্ৰতি ৱাৰ্ডত অভিযান চলাব যাব বুলি জানিবলৈ দিয়ে কতৃৰ্পক্ষই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in