শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

পৰিবহন আইন,২০১৯ৰ নতুন নিয়মসমূহ ৰাজ্যত শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী, পথ সুৰক্ষা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে গুৱাহাটীত কৰ্মশালা

466

ডিজিটেল সংবাদ, গুৱাহাটীঃ পৰিবহন আইন, ২০১৯ৰ নতুন নিয়মসমূহ ৰাজ্যত শীঘ্ৰে কাৰ্যকৰী কৰি পথ সুৰক্ষাৰ দিশটো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যেৰে কনজিউমাৰ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লীৰ উদ্যোগত শুকুৰবাৰে এখন কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটীৰ হোটেল আৰিয়ান আতিথ্যত অনুষ্ঠিত এই ৰাজ্যিক ভিত্তিৰ কৰ্মশালাত উপস্থিত থাকি গুৱাহাটী আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয় যে, ত্ৰিশ বছৰীয়া পুৰণি পৰিবহন আইন, ২০১৯ৰ নতুন সংশোধিত ধাৰা সমূহে পথ দুৰ্ঘটনা ৰোধত আৰক্ষীক প্ৰভূত সহায় কৰিব। যান বাহন আইন ভংগ কৰা সকলক বৰ্দ্ধিত হাৰত জৰিমনা বিহাৰ ৮৯টা ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে এই নতুন আইনখনত।

কৰ্মশালাত উপস্থিত থাকি কামৰূপ (গ্ৰাম্য) জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে কয় যে, বিগত ৬ মাহত অসমত ২,৩৫৯ টা দুৰ্ঘটনা সংঘটিত হৈছে। য’ত ১,৯৮০ গৰাকী লোক আহত আৰু ৯২৮ গৰাকী লোক নিহত হয়। দ্ৰুতবেগত যান বাহন চলোৱা ট্ৰেফিক আইন ভংগ, হেলমেট আৰু চিট বেল্ট ব্যৱহাৰ নকৰা, সুৰাশক্ত অৱস্থাৰে যান বাহন চলোৱা আদিয়ে দুৰ্ঘটনাৰ মূল কাৰণ।

কনজিউমাৰ ভয়েছৰ মূখ্য কাৰ্যবাহী বিষয়া অসীম সান্যালে কৰ্মশালাত নিজৰ ভাষণ প্ৰসংগত প্ৰতিগৰাকী লোকৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত পৰিবহন আইন, ২০১৯ত সংযোজিত প্ৰতিটো ধাৰা কঠোৰভাৱে ৰূপায়ণ কৰাৰ লগতে এই বিষয়ে ব্যাপক হাৰত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতত প্ৰতিবছৰে আধা মিলিয়ন পথ দুৰ্ঘটনা সংঘটিত হয় য’ত ডেৰ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

কনজিউমাৰ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কৰ্মশালাত উপস্থিত থাকি কয় যে, বিগত সময়ছোৱাত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা ৫০শতাংশৰো অধিক লোকৰ বয়স ১৪ৰ পৰা ৩৫ বছৰৰ ভিতৰত। ২০১৮ বৰ্ষত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত সংঘটিত দুৰ্ঘটনাৰ ফলত ৫৪,০৪৬ গৰাকী লোকে জীৱন হেৰুৱাবলগীয়া হয়।

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কামৰূপ জিলাৰ দুই পৰিবহন বিষয়া জয়সিং ৰংফাৰ, বিক্ৰম গগৈ আৰু কনজিউমাৰ ভয়েছৰ মূখ্য প্ৰকল্প বিষয়া ৰিংকি শৰ্মাই পৰিবহন আইন, ২০১৯ ৰ নতুন সংশোধিত ধাৰা সমূহ অসমত বলবৎ কৰি অসমত কিদৰে পথ দুৰ্ঘটনাৰ পৰা ৰাইজৰ জীৱন ৰক্ষা কৰিব পাৰি সেই বিষয়ে বিস্তৃত পৰ্যালোচনা আগবঢ়ায়। কৰ্মশালাত পৰিবহন আৰু যান বাহন আৰক্ষী বিষয়া, ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱী সংগঠন, সংবাদকৰ্মী আৰু পথ সুৰক্ষাৰ সৈতে জড়িত লোক উপস্থিত থাকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি