শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতত বিসংগতি, বাতিল হ’ল পৰীক্ষা, VIDEO

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকতত বিসংগতি। প্ৰশ্ন কাকতৰ বিসংগতিৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া স্নাতক তৃতীয় ষান্মাসিকৰ পৰীক্ষা বাতিল কৰিবলগীয়া হয়। বিভিন্ন মহাবিদ্যালয়লৈ প্ৰশ্ন কাকত ভুলকৈ যোৱাৰ বাবে এই পৰীক্ষা বাতিল কৰিবলগীয়া হয়।

ৰাজনীতি বিজ্ঞানৰ ‘Politics in india’ বিষয়ৰ পৰীক্ষা আছিল যদিও ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে ‘Indian Constitution’ৰ প্ৰশ্ন। ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কাকত বিতৰণ কৰাৰ সময়ত পোহৰলৈ আহে এই কথা।

আন আন প্ৰান্তৰ লগতে হাটশিঙিমাৰী জিলাতো বাতিল হৈছে পৰীক্ষা। বিশ্ব বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডই এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, পূৰ্বে এনে বিসংগতি দেখিবলৈ পোৱা গৈছিল চেবাৰ প্ৰশ্ন কাকতত। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এক শিক্ষা প্ৰতিষ্ঠানৰ এনে ভুলক সহজ ভাৱে ল’ব পৰা নাই ছাত্ৰ-ছাত্ৰীসকলেও।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি