শেহতীয়া খবৰ
পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...  •  শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন  •  দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰাখক, সোণালী জীৱন গঢ়ি তোলকঃ মহানগৰীত কেইজনমান যুৱকৰ সজাগতা অভিযান…

170

ডিজিটেল ডেস্কঃ কাৰ্যালয়ৰ দেৱাল বা নতুনকৈ নিৰ্মাণ কৰা পদপথ, ডিভাইদাৰত পিক পেলাই লেতেৰা কৰা বাতৰি নতুন নহয়। বিভিন্ন সময়ত বহু সংস্থাই এনেবোৰ দিশৰ ওপৰত সজাগতা কাৰ্যসূচীও গ্ৰহণ কৰে যদিও আজিও সজাগ হোৱা নাই একাংশ লোক। কিন্তু এই ক্ষেত্ৰত শেহতীয়াকৈ মহানগৰীৰৰ কেইজনমান সচেতন যুৱকে নিজাববীয়াকৈ আৰম্ভ কৰিছে এক সজাগতা অভিযান।

বুধবাৰে এই সজাগতা অভিযানৰ অংশ হিচাপে যুৱককেইজনে মহানগৰীৰ জি এছ ৰোডত গ্ৰহণ কৰে এক কাৰ্যসূচী। গুৱাহাটীৰ তৰুণ নগৰত যুৱককেইজনে পৰিষ্কাৰ-পৰিচন্নতাৰে গুৱাহাটী মহানগৰখন গঢ়ি তোলাৰ বা্বে ৰাইজক আহ্বান জনায়। হাতে হাতে প্লে’ কাৰ্ড লৈ যুৱকৰ দলটোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰাখক, সোণালী জীৱন গঢ়ি তোলক শ্লগানেৰে সকলোকে স্বচ্চতাৰ ক্ষেত্ৰত সচেতন হ’বলৈ অনুৰোধ কৰে।

উল্লেখ্য যে, কোনো সংগঠন বা সংস্থাৰ অবিহনেই এই যুৱক কেইজনে নিজাববীয়াকৈ স্বচ্চতাৰ ক্ষেত্ৰত বিগত দিনসমূহত ভালে সংখ্যক পদক্ষেপ গ্ৰহণ কৰি আহিছে। গুৱাহাটীৰ কদৰ্যময় বিভিন্ন অঞ্চলত অনাগত দিনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথায়ো সদৰি কৰে যুৱককেইজনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি