নদীত পিচলি সন্ধানহীন মহানগৰীৰ যুৱক, পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰ…

নদীত পিচলি সন্ধানহীন মহানগৰীৰ যুৱক, পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰ…

ডিজিটেল সংবাদ, গুৱাহাটী: শুকুৰবাৰৰ পৰা পানীত পৰি সন্ধানহীন হৈ আছে মহানগৰীৰ এজন যুৱক। গুৱাহাটীৰ কালিবাৰীৰ নিবাসী স্বৰূপ সূত্ৰধৰ নামৰ যুৱকজন শুকুৰবাৰে মিৰ্জাত এখন নদীত পৰি সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০. বজাত স্বৰূপ সূত্ৰধৰে মিৰ্জাৰ লোহাঘাট নামৰ স্থানলৈ গৈছিল অভিনাশ সিং নামৰ এজন বন্ধুক লগ ধৰিছিল। ইয়াৰ পাছতে ভৰি ধুবলৈ নদীৰ পাৰলৈ যাওতে পিচলি পানীত পৰি যায় যুৱকজন।

ইয়াৰ পাছতে যুৱকজনৰ সন্ধানহীন হোৱাৰ খবৰ বন্ধুজনে আৰক্ষীক জনায় যদিও আন্ধাৰ হোৱাৰ বাবে শনিবাৰে পুৱাহে যুৱকজনক বিচাৰি অভিযান চলায় আৰক্ষীয়ে। আনহাতে, পৰিয়ালৰ লোকে এয়া কোনো আকষ্মিকভাৱে সংঘটিত ঘটনাৰ বিপৰীতে পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ ব্যক্ত কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in