নতুন SOP ! গুৱাহাটীত কি সলনি হ’ল…

নতুন SOP ! গুৱাহাটীত কি সলনি হ’ল…

ডিজিটেল ডেস্কঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদযোগে ঘোষণা কৰিলে নতুন এছ অ পি। ঘোষিত নতুন এছ অ পিত বিশেষ কোনো সালসলনি হোৱা নাই যদিও ৫খন জিলাত সম্পূৰ্ণ লকডাউন আৰু ২খন জিলাত আংশিক লকডাউন ঘোষণা কৰিছে। এই ৭খন জিলাৰ বাহিৰে বাকী ২৭খন জিলাত কোনো সাল-সলনি হোৱা নাই।

কামৰূপ মেট্ৰতো নীতি-নিয়মৰ ক্ষেত্ৰত কোনো সালসলনি কৰা নাই নতুন এছ অ পিত। পূৰ্বৰ দৰেই বিয়লি ৪বজাত দোকান-পোহাৰ বন্ধ আৰু সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ অব্যাহত থাকিব সান্ধ্য আইন। ইয়াৰ উপৰিও বিয়া-সৱাহৰ দৰে অনুষ্ঠানত ১০জনৰো অধিক লোক সমৱেত হব নোৱাৰিব। এইক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হোৱাৰ কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে।

গুৱাহাটীৰ ৰেল ষ্টেচন আৰু বিমান বন্দৰত কোভিড টেষ্টৰ কথা উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ কথা উল্লেখ কৰে। উল্লেখ্য কৰা প্ৰয়োজন যে, আগন্তুক ৭দিনৰ বাবে পুনৰ ৰাজ্যত বন্ধ থাকিব আন্তঃজিলা যাতায়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in