৮ এপ্ৰিলৰ পৰা মহানগৰীৰ ৮২ টা স্থানত উপলদ্ধ হ’ব শাক-পাচলি…

৮ এপ্ৰিলৰ পৰা মহানগৰীৰ ৮২ টা স্থানত উপলদ্ধ হ’ব শাক-পাচলি…

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ত মহানগৰবাসীয়ে শাক-পাচলি বিচাৰি হাবাথুৰি খাব নালাগে। মহানগৰবাসীৰ এই কষ্ট লাঘৱ কৰিবলৈ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ প্ৰদক্ষেপ। অহা ৮ এপ্ৰিলৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত শাক-পাচলিৰ বিক্ৰীৰ দিহা কৰিছে প্ৰশাসনে। প্ৰথমাৱস্থাত মহানগৰীৰ মুঠ ৮২ টা স্থানত বিক্ৰী কৰি পিছৰ পৰ্যায়ত বিক্ৰীকেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে।

৮ এপ্ৰিল বুধবাৰৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজালৈ পাচলি বিক্ৰী কৰা হ'ব। স্বাস্থ্য বিভাগৰ সকলো নিৰ্দেশনা মানিহে এই শাক-পাচলি বিক্ৰী কৰা হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে। বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব বুলিও নিৰ্দেশনা জাৰি কৰা হৈছে। উল্লেখ্যে যে, লকডাউনৰ সময়ত বহুস্থানত প্ৰশাসনৰ ফালৰ পৰা প্ৰদান কৰা সাহায্যস্থলীত অপ্ৰীতিকৰ পৰিৱেশৰো সৃষ্টি হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in