শেহতীয়া খবৰ
কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল  •  বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি...  •  NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...  •  ছিকিমৰ মংগনত খহি পৰিল ৪ মহলীয়া অট্টালিকা... VIDEO

‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সন্মানৰ প্ৰতীক চুলি খুৰাই দিলে এগৰাকী অসমীয়া মহিলাই, VIDEO

1,605

ডিজিটেল ডেস্কঃ কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মূৰৰ চুলি খুৰাই দিলে অসমীয়া মহিলাই। এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ৰান্ধনী সহায়িকা সন্থাই। গুৱাহাটীৰ ভি ভি আই ৰোডৰ চচলত পুৱা ১১ বজাৰ পৰা সাব্যস্ত কৰিছে এই প্ৰতিবাদ। প্ৰতিবাদস্থলীত বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকা সন্থাৰ এগৰাকী সদস্যাই এই অভূতৰ্পূব প্ৰতিবাদ সাব্যস্ত কৰিলে। লগতে ’তেজ দিম অসম নিদো’ শ্লগান দিয়াৰ উপৰিও বাংলাদেশীৰ হুচিয়াৰ ধ্বনিত মুখৰিত হল আকাশ-বতাহ।

সৰ্বানন্দ সোণোৱাল চৰকাৰ হায় হায় ধ্বনি দি প্ৰতিবাদকাৰীসকলে কয়, অসমীয়া মানুহৰ চুলিখিনিয়ে সন্মান। আৰু আজি এই জাতীয় সংকটৰ সময়ত কিমান দুখত চুলিখনি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰিছো মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্বই বুজক। এনে অভূতৰ্পূব প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতো যদি চৰকাৰে এই প্ৰতিবাদ ভাষা নুবুজে তেনেহলে ইয়াতকৈ জংগী আন্দোলম সাব্যস্ত কৰিব বুলিও প্ৰতিবাদকাৰীয়ে সকীয়াই দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি