শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

গুৱাহাটীত প্ৰেছ ক্লাবৰ সমীপতে মহিলা সাংবাদিকক অশালীন ব্যৱহাৰ…

558

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবৰ সমীপতে উশৃংখল যুৱকৰ এটা দলে এগৰাকী মহিলা সাংবাদিকক অশালীন ব্যৱহাৰ কৰাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে ‘জাৰ্ণালিষ্টছ ফ’ৰাম , অসম’(জেএফএ)এ ৷ সাংবাদিকগৰাকীয়ে অভিযোগ কৰামতে, যোৱা ১০ ফেব্ৰুৱাৰী সন্ধিয়া সময়ত তেওঁ ‘ৰবীন্দ্ৰ ভৱন’ত অনুষ্ঠান চাই ঘৰমুৱা হোৱাৰ সময়তে প্ৰেছ ক্লাবৰ সমীপতে পাৰ্কিং কৰা অৱস্থাত থকা এখন গাড়ীৰ ভিতৰৰ পৰা কেইজনমান যুৱকে তেওঁক অশ্লীল মন্তব্য কৰে, কিন্তু সাংবাদিকগৰাকীয়ে এই ঘটনাৰ প্ৰতিবাদ কৰি গাড়ীখনৰ নম্বৰ প্লেটৰ ফটো উঠাওতেই গাড়ীখন সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে৷

‘জেএফএ’ই সন্ধিয়া পৰতেই প্ৰেছ ক্লাবৰ সমীপত ঘটা এনে ঘটনাত উদ্বেগ প্ৰকাশ কৰি কয় যে এয়া মহানগৰীৰ মহিলা বা নাৰীসমাজৰ নিৰাপত্তা বা সুৰক্ষাৰ দিশত এটি নেতিবাচক আৰু দুশ্চিন্তাজনক বাৰ্তা কঢ়িয়াই আনিছে৷ এই ক্ষেত্ৰত চৰকাৰ বা সংশ্লিষ্ট প্ৰশাসনীয় কৰ্তৃপক্ষই শীঘ্ৰেই ঘটনাৰ যথাযথ তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি মহানগৰীত মহিলাৰ সুৰক্ষাৰ দিশটোক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ‘জেএফএ’ই দাবী জনায় ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি