গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক’লা প্ৰদৰ্শন…

গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক’লা প্ৰদৰ্শন…

ডিজিটেল সংবাদ, গুৱাহাটী: বহুবছৰ ধৰি নীৰৱে শিল্প সাধনাৰ লগত জড়িত থকা অৰুণ চন্দ্ৰ নাথৰ এখন ডিজিটেল শিল্পকৰ্মৰ প্ৰদর্শনী গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে বাৰে অনুষ্ঠিত হয়। চিত্ৰশিল্পী ৰূপে প্ৰতিষ্ঠিত নাথে সাংবাদিক সকলৰ সন্মুখত বেটুপাত , প্ৰতিকৃতি ,কাৰ্টুন, বাখ্যাচিত্ৰ আৰু চিত্ৰকৰ্ম প্ৰদৰ্শন কৰে। অসমৰ প্ৰতিষ্ঠিত লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ( মহাৰথী), য়েছে দৰজে ঠংছিৰ ( মৌন ওঁঠ মুখৰ হৃদয়)সদ্য প্ৰয়াত পূৰবী বৰমুদৈৰ ( শান্তনুকুলনন্দন, ৰূপাৱলী নদীৰ সোণোৱালী ঘাট), হোমেন বৰগোহাঞিৰ( বিষন্নতা) আদি গ্ৰন্থত বেটুপাত নাথে অংকন কৰিছিল আৰু সেয়াও নাথে প্ৰদর্শন কৰে।

শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাইছে ভূপেন হাজৰিকা,নৱকান্ত বৰুৱা, প্ৰণৱ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীবালা দেৱী, শীলভদ্ৰ, কেশৱ মহন্ত, শৰৎচন্দ্ৰ সিংহ, মহিম বৰা, ৰংবং তেৰাং, হীৰেন গোহাঁই, মামণি ৰয়ছম গোস্বামী, লক্ষ্যধৰ চৌধুৰী, চন্দ্ৰপ্ৰভা শইকীয়ানী, ভবেন্দ্ৰ নাথ শইকীয়া, সত্যেন্দ্ৰনাথ শৰ্মা, জুবিন গাৰ্গ আদিৰ প্ৰতিকৃতি । কলাক্ষেত্ৰ সমাজে প্ৰকাশ কৰি উলিওৱা সত্ৰীয়া -সংস্কৃতি সম্পৰ্কীয় সাঁচিপতীয়া পুথিৰ সচিত্ৰ।ৰূপ ,অলংকৰণ আৰু প্ৰচ্ছদো অংকন কৰিছে নাথে।

তাৰ ভিতৰত দুৰ্ল্লভ গ্ৰন্থ সমূহ হ'ল সচিত্ৰ কীৰ্তন ঘোষা, সচিত্ৰ ভক্তি ৰত্নাৱলী, সচিত্ৰ চিত্ৰ ভাগৱত, সচিত্ৰ মদ্ভাগৱত, (অষ্টম স্কন্ধ), সচিত্ৰ মদ্ভাগৱত (একাদশ স্কন্ধ), বনমালী দেৱ চৰিত্ৰ, আদি। ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতি সম্পৰ্কীয় ভালেকেইখন গ্ৰন্থ যেনে – গীতাৱলী, জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, মই এক যাযাবৰ, দিহিঙে দিপাঙে,কৃষ্টিৰ পথাৰে পথাৰে, গ্ৰন্থৰো বেটুপাত অংকন কৰিছে তেওঁ।লগতে ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱনৰ ৰঙীন আলোকচিত্ৰৰে এখন এলবাম সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰো বেটুপাত আৰু অলংকৰণ কৰিছে।

নগাঁৱৰ বৰদোৱাৰ সমীপৰ ভোমোৰাগুৰি গাঁৱত জন্ম গ্ৰহণ কৰা নাথে শিল্পজীৱনৰ আৰম্ভণি কৰে কল্লোল গোষ্ঠীৰ জৰিয়তে। পিছলৈ নাথে নতুন দৈনিক কাকতত চিত্ৰ শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰে। সম্প্ৰতি তেওঁ জনপ্ৰিয় আলোচনী বিস্ময়ত নিয়মীয়া চিত্ৰশিল্পী ৰূপে জড়িত। শিল্প সাধনাৰ লগতে নাথৰ অন্যতম দুৰ্বলতা হল সংগীত( মাউথঅৰ্গেন)।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in