বিশিষ্ট সমাজকৰ্মী ফুকন চন্দ্ৰ চৌধুৰীৰ ৬৯ বছৰ বয়সত দেহাৱসান…

বিশিষ্ট সমাজকৰ্মী ফুকন চন্দ্ৰ চৌধুৰীৰ ৬৯ বছৰ বয়সত দেহাৱসান…

ডিজিটেল ডেস্কঃ জু ৰোডৰ সুগম পথৰ নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা হস্ততাত বস্ত্ৰশিল্পৰ অৱসৰপ্ৰাপ্ত আমোলা ফুকন চন্দ্ৰ চৌধুৰীৰ ৬৯ বছৰ বয়সত মঙলবাৰে পুৱা ৯.৪৫ বজাত গুৱাহাটীৰ জি এন আৰ চিকিৎসালয়ত দেহাৱসান ঘটে। উচ্চ ৰক্তচাপ ষ্ট্ৰকত আক্ৰান্ত চৌধুৰীক ২ সপ্তাহৰ পূৰ্বে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল।


জু ৰোডৰ সুগম পথৰ নিজা বাসগৃহত চৌধুৰীৰ নশ্বৰ দেহ

মগজুত হোৱা ৰক্তক্ষৰণ অস্ত্ৰোপচাৰৰ দ্বাৰা বাহিৰ কৰাৰ পাছত তেওৰ স্বাহ্য সামান্য পৰিমাণে উন্নতি হয় যদিও পৰৰ্ৱতী সময়ত মধুমেহ ৰোগতো আক্ৰান্ত হৈ চৌধুৰীৰ স্বাহ্য অধিক অৱনতি ঘটে।


পত্নী প্ৰণীতা চৌধুৰীয়ে জনাইছে শেষ শ্ৰদ্ধাঞ্জলি

মৃত্যুৰ সময়ত তেও ইহসংসাৰত পত্নী প্ৰণীতা চৌধুৰী, বৰপুত্ৰ সুৰজিৎ চৌধুৰী, সৰুপুত্ৰ অভিযন্তা নৱজিৎ চৌধুৰী আৰু একমাত্ৰ চিকিৎসক কন্যা মনোৰোগ বিশেষজ্ঞ চন্দামিত্ৰা চৌধুৰীৰ লগতে বোৱাৰী জুৰি চৌধুৰীক এটি নাতিৰ সৈতে এৰি থৈ যায়।

জীৱিত কালত নীলাচল পাহাৰৰ ৱাৰ্টছ টাৱাৰত পত্নীৰ সৈতে প্ৰয়াত ফুকন চন্দ্ৰ চৌধুৰী

তেওৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে চিকিৎসালয়ত আত্মীয়ৰ লগতে অগণন গুণমুগ্ধই ভিৰ কৰে। কিছু সময়ৰ পাছতে চৌধুৰীৰ নশ্বৰ দেহ চৌধুৰীৰ নশ্বৰ দেহ নিয়া হ'ব বেলতলালৈ।বেলতলা ব্যৱসায়ী সন্থাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে চৌধুৰীক সুগম পথৰ নিজ বাসভৱনলৈ অনা হ'ব। বিয়লি ভাগলৈ নৱগ্ৰহ শশ্মানত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।


চৌধুৰীৰ বাসগৃহত আত্মীয়ৰ লগতে অগণন গুণমুগ্ধৰ ভিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in