বিশ্বকৰ্মা পূজাৰ দিনাই গুৱাহাটীৰ ৰাজপথত দাউ দাউকৈ জ্বলিল টেংকাৰ…

বিশ্বকৰ্মা পূজাৰ দিনাই গুৱাহাটীৰ ৰাজপথত দাউ দাউকৈ জ্বলিল টেংকাৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ ৰাজ্যতে বুধবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ উদযাপনৰ মাজতে গুৱাহাটী মহানগৰীত দিনৰ ভাগত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা । ঘটনাৰ বিৱৰণী মতে বিশ্বকৰ্মা পূজাৰ দিনটোতে মহানগৰীৰ ৰাজপথত লাগিল অথন্তৰ। জালুকবাৰী পৰা যোৰাবাটৰ দিশে গৈ থকা তেল বিহীন এখন টেংকাৰ নমাইল পোৱাৰ লগে লগে হঠাতে জুই লাগে।

পিচত এই জুইৰ লেলিহান শিখাই মূহুৰ্ততে গোটেই বাহনখনতে ছানি ধৰি ভস্মীভূত হৈ পৰে । ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষী অগ্নিনিৰ্বাপক বাহিনীৰ ৫ খনকৈ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। আনহাতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত শ্বৰ্ট চাৰ্কিটৰ পৰা সংঘটিত হৈছিল বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰে ।

উল্লেখ্য যে টেংকাৰ খনত তেল নথকাৰ বাবে মহানগৰীৰ বৃহত্তৰ অঞ্চলটি সৌভাগ্যক্ৰমে ৰক্ষা পৰে। ইফালে ৰাজপথত এই ভয়ানক অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত পূজাৰ দিনটোত ভীষণ যান যঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ঘটনাৰ সংঘটিত হোৱাৰ পিছতেই টেংকাৰ খনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in