পুনৰ আৰম্ভ হ’ব ৰ’পৱে সেৱাঃ সাধাৰণ জনতাৰ পাৰাপাৰ ভাড়া ৫০ শতাংশ বৃদ্ধি, শিশু-বৃদ্ধৰ প্ৰয়োজন নহ’ব ভাড়া

পুনৰ আৰম্ভ হ’ব ৰ’পৱে সেৱাঃ সাধাৰণ জনতাৰ পাৰাপাৰ ভাড়া ৫০ শতাংশ বৃদ্ধি, শিশু-বৃদ্ধৰ প্ৰয়োজন নহ’ব ভাড়া
  • বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ'পৱে সেৱা।
  • পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ চলিব এই সেৱা।
  • কোভিড প্রট'কল মানি ৰ'পৱেত উঠিব পাৰিব যাত্রীসকলে।
  • কোভিডৰ দ্রুত সংক্রমণৰ বাবে বিগত ৬ মে'ৰ পৰা বন্ধ হৈ আছিল এই সেৱা।
  • ইফালে জি এম ডি এয়ে এক জাননীৰ জৰিয়তে ৰ'পৱেৰ ভাৰা সলনি হোৱাৰ কথা প্ৰকাশ কৰিছে।
  • সাধাৰণ জনতাৰ বাবে পূৰ্বৰ তুলনাত ৫০ শতাংশ ভাড়া বৃদ্ধি কৰা হৈছে।
  • পূৰ্বৰ অহা-যোৱা ভাড়া আছিল ১০০ টকা।
  • বৃহস্পতিবাৰৰ পৰা এই মূল্য ১৫০ টকালৈ বৃদ্ধি হ'ব।
  • আনহাতে এবাৰ পাৰ হ'লে ৬০ টকাৰ পৰিৱৰ্তে ১০০ টকালৈ বৃদ্ধি কৰা হৈছে ভাৰা।
  • ৩ বছৰ বয়সৰ পৰা ১২ বছৰীয়া শিশু, কিশোৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাড়া হ্রাস কৰি আধা কৰা হৈছে।
  • বিশেষভাৱে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in