বিশিষ্ট সমাজকৰ্মী ৰমেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দেহাৱসান...

বিশিষ্ট সমাজকৰ্মী ৰমেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সমাজকৰ্মী ৰমেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দেহাৱসান...

বিশিষ্ট সমাজকৰ্মী ৰমেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দেহাৱসান...

ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটী, শান্তিপুৰ হিলচাইড নিবাসী বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক ৰমেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আজি নিচেই পুৱা দেহাৱসান ঘটে। অসম জাতিয়তাবাদী দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত কালিৰাম চৌধুৰী আৰু সমাজকৰ্মী প্ৰয়াত চাৰুবালা চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ প্ৰয়াত চৌধুৰী বৃহত্তৰ শান্তিপুৰ অঞ্চলৰ বিভিন্ন উন্নয়নমূলক কামত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছিল।

পূৱ শান্তিপুৰ জি এছ কলনী পানী যোগান কমিটিৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা, পূৱ শান্তিপুৰ উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি,শান্তি নগৰ উন্নয়ন সমিতিৰ উপদেষ্টা ইত্যাদি বিভিন্ন দায়িত্ব তেওঁ সুচাৰুৰূপে পালন কৰি আছিল। ১৯৪৯ ৰ ১ জানুৱাৰীত শান্তিপুৰত জন্মগ্ৰহণ কৰা চৌধুৰীয়ে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হোৱাৰ কিছু পাছৰ পৰাই দুৰ্ঘটনাজনিত কাৰণত হঠাতে হোৱা পিতৃবিয়োগৰ বাবে বৃহৎ পৰিয়ালটোৰ দায়িত্ব কান্ধ পাতি লৈছিল।

লগে লগে পালন কৰি গৈছিল বৃহৎ অঞ্চলটোৰ সামাজিক দায়-দায়িত্বও। যাৰ বাবে তেওঁক অঞ্চলটোৰ একপ্ৰকাৰ অভিভাৱক হিচাপেই সাধাৰণ বাসিন্দাই সন্মান দি আহিছিল। যোৱা কিছুদিন ধৰি শাৰিৰীক অসুস্থতাত ভূগি থকা চৌধুৰীয়ে অৱশেষত যোৱা নিশা নিয়তিৰ ইচ্ছাৰ ওচৰত হাৰ মানে।

প্ৰয়াত চৌধুৰী অসম জ্যেষ্ঠ নাগৰিক সন্থাৰ সৈতেও জড়িত আছিল। তেওঁ পত্নী পবিত্ৰা চৌধুৰী, অভিযন্তা পুত্ৰ ৰাজনীশ চৌধুৰী আৰু কন্যা ডাঃ পম্পী চৌধুৰীৰ লগতে নাতি-নাতিনী আৰু কেইবাগৰাকীও ভাতৃ-ভগ্নীসমন্বিতে বৃহৎ পৰিয়াল এটা এৰি থৈ যায়।

Also Read: ২৭, ২৮, ২৯ অক্টোবৰত ভিয়েটনামৰ হো চি মিন চহৰৰ ছেপ্টেম্বৰ টুৱেণ্টি থাৰ্ড পাৰ্কত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল...

ৰমেন্দ্ৰ নাৰায়ণ চৌধুৰী