/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b44e66b1-b0bc-4efe-b31c-ca3be3aebd3d/11.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰীমহাবিদ্যালয়ত এদিনীয়াকৈ ৰাজ্যিক পর্যায়ত মধ্যকালীন স্বাস্থ্য সেৱা সন্দর্ভত সমীক্ষামূলক পর্যালোচনা তথা কর্মশালা 'স্বাস্থ্য মন্থন-১০ অনুষ্ঠিত কৰে।
উক্ত কর্মশালাখনিত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ড০ এম এছ লক্ষ্মী প্রিয়া, আইএএছ, স্বাস্থ্য আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অ'এছ ডি পংকজ চমুৱা, এচিএছ, ৰাজ্যিক আৰু জিলা কার্যক্রম প্রবন্ধকসকলকে প্রমুখ্যে কৰি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ মুখ্য কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়াসকল আৰু অংশদাৰীসকল উপস্থিত থাকে।
এই কর্মশালাখনি সকলো জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা কার্যক্রম প্রবন্ধক, জিলা তথ্য প্রবন্ধক, জিলা সামূহিক সংগঠক আৰু জিলাৰ অন্যান্য বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও প্রতিখন জিলাৰ স্বাস্থ্য প্রদর্শনৰ ভিত্তিত বিশেষভাৱে অসংক্রমিত ৰোগ, মাতৃ আৰু শিশুৰ স্বাস্থ্য ওপৰত গুৰুত্ব আৰোপ কৰি উন্নীতকৰণৰ ব্যৱস্থা গ্রহণৰ ক্ষেত্ৰত জিলা অনুসৰি পর্যালোচনা কৰা হয়।
উক্ত সভাতে স্বাস্থ্য কেন্দ্রসমূহৰ ব্যৱধানসমূহ চিনাক্ত কৰি উন্নীতকৰণৰ পৰিকল্পনা সন্দর্ভতো বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ ফলত জিলাসমূহৰ বাবে প্রয়োজন হ'ব পৰা যিকোনো পাঠ্যক্রম সংশোধন আৰু স্বাস্থ্য সূচক উন্নত কৰাৰ বাবে প্রয়োজনীয় যিকোনো কার্য পৰিকল্পনা প্রস্তুত কৰিব বুলি আশা কৰা হৈছে।
এই কর্মশালা তথা পর্যালোচনা সভাত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মী প্রিয়া, আইএএছ, য়ে ৰাজ্যিক, জিলা আৰু স্বাস্থ্য সেৱা উন্নীতকৰণৰ অংশীদাৰীসকলৰ শ্রেষ্ঠ স্বাস্থ্য সেৱা প্রদর্শকসকলক নিজ নিজ জিলাসমূহৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ সুবাদত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে সম্বর্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক ড০ এম এছ লক্ষ্মী প্রিয়া, আইএএছৰ নেতৃত্বত ৮ জুন, ২০২২ তাৰিখে স্বাস্থ্য মন্থন-১, ২ আগষ্ট, ২০২২ তাৰিখে স্বাস্থ্য মন্থন-২, ২৭ ছেপ্টেম্বৰ, ২০২২ তাৰিখে স্বাস্থ্য মন্থন- ৩, ৩১ অক্টোবৰ, ২০২২ তাৰিখে স্বাস্থ্য মন্থন-৪, ২৮ ডিচেম্বৰ, ২০২২ তাৰিখে স্বাস্থ্য মন্থন-৫, ৪ মার্চ, ২০২৩ তাৰিখে স্বাস্থ্য মন্থন-৬, ২৬ এপ্রিল, ২০২৩ তাৰিখে স্বাস্থ্য মন্থন-৭, ৩ জুন, ২০২৩ তাৰিখে স্বাস্থ্য মন্থন-৮, ২৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে স্বাস্থ্য মন্থন-৯ অনুষ্ঠিত কৰা হৈছিল।
Also Read: ১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us