ইন্টাৰনেট সেৱা বন্ধ ঘোষণাৰ পাছতে গুৱাহাটীত সান্ধ্য আইন জাৰি…

ইন্টাৰনেট সেৱা বন্ধ ঘোষণাৰ পাছতে গুৱাহাটীত সান্ধ্য আইন জাৰি…
  • জনতাৰ ক্ষোভৰ দাৱানল ৰোধিবলৈ এইবাৰ সান্ধ্য আইন জাৰি।
  • দিশপুৰত গণ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ আচিলাৰে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন।
  • ৬.১৫ বজাৰ পৰা এই সান্ধ্য আইন কাৰ্যকৰী হব বুলিও কোৱা হৈছে।
  • জনতা ভৱনৰ পদূলিত গুলী, লাঠী, বৰুণেৰে চত্ৰভংগ দিয়াবলৈ চেষ্টা চলাইও প্ৰতিবাদী জনতাক চত্ৰভংগ দিওৱাত ব্যৰ্থ হৈ ঘোষণা কৰা হৈছে এই সান্ধ্য আইন।
  • উল্লেখ্য যে, আৰক্ষীৰ প্ৰৱল বাধাৰ মাজতে একাংশ ক্ষুদ্ধ লোকে জ্বলাই দিছিল এখন বাছ।
  • অগ্নি নিৰ্বাপক বাহিনীৰ এখন বাহনতো কৰা হৈছিল অগ্নি সংযোগ।
  • এনে পৰিস্থিতিৰে আচিলা লৈ অৱশেষত ক্ষুদ্ধ জনতাক নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন জাৰি কৰিবলৈ বাধ্য হয় প্ৰশাসন।
  • কিছু সময়ৰ পূৰ্বে গৃহ বিভাগে ৰাজ্যৰ প্ৰতিবাদমুখৰ জিলাকেইখনত সন্ধিয়া ৭ বজাৰ পৰা ২৪ ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা বন্ধ কৰাৰ নিৰ্দেশনাও জাৰি কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in