৪-৫ ছেপ্টেম্বৰত মহানগৰীৰ শৰণীয়াত পানীৰ হ’ব নাটনীঃ গুৱাহাটী পৌৰ নিগম…

৪-৫ ছেপ্টেম্বৰত মহানগৰীৰ শৰণীয়াত পানীৰ হ’ব নাটনীঃ গুৱাহাটী পৌৰ নিগম…

ডিজিটেল ডেস্কঃ গুৱাহাটী পৌৰ নিগমে দিছে জাৰি কৰিছে এক জাননী। এই জাননীত উল্লেখ কৰা হৈছে যে, দুদিনৰ বাবে গুৱাহাটী মহানগৰীৰ শৰণীয়া আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহত পানীৰ অভাৱ হ'ব পাৰে।

পানবজাৰৰ পুৰণি পাইপলাইন ফাটি যোৱাৰ বাবে তাৰ মেৰামতি কাম আৰম্ভ হ'ব যাৰ ফলত ৪ আৰু ৫ ছেপ্টেম্বৰত শৰণীয়া ৰিজাৰ্ভেৰত হঠাৎ এই পানীৰ অনাটনে দেখা দিব বুলি গুৱাহাটী পৌৰ নিগমে জাননী জাৰি কৰিছে।

লগতে পৌৰ নিগমে কয় যে, তেওঁলোকৰ কৰ্মচাৰীয়ে শীঘ্ৰেই এই মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব। কিন্তু তাৰ মাজতে যদি পানীৰ অত্যন্ত প্ৰয়োজন হয় তেন্তে তাৰ বাবে ব্যৱস্থা কৰি দিয়া হ'ব ম'বাইল পানী টেংকাৰৰ জৰিয়তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in