পৰিস্কাৰ পৰিচন্নতাত গুৱাহাটীৰ শ্ৰেষ্ঠ বিদ্যালয়,কাৰ্যালয় আৰু অনুষ্ঠান কোন কেইখন ?

পৰিস্কাৰ পৰিচন্নতাত গুৱাহাটীৰ শ্ৰেষ্ঠ বিদ্যালয়,কাৰ্যালয় আৰু অনুষ্ঠান কোন কেইখন ?

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰী খনক দেশৰ ভিতৰতে স্বচ্ছ ,নিকা আৰু সুন্দৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মহানগৰীখনৰ বিভিন্ন বিদ্যালয়, চিকিৎসালয়, হোটেল, চৰকাৰী অনুষ্ঠানৰ লগতে বিভিন্ন ব্যৱসায়ীক অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ অধীনত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

এই প্ৰতিযোগিতাত বিজয়ী সকলক বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ উজান বজাৰ স্থিত কাৰ্যালয়ৰ এক সভাকক্ষত পুৰস্কাৰ সমূহ বিতৰন কৰা হয় । বিজয়ী সকলক এখন প্ৰমান পত্ৰ,এঠি বঁটা আৰু এখন গামোছাৰে সন্মানিত কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্যই । এই অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুনিন্দৰ সিং আৰু গুৱাহাটী পৌৰ নিগম আয়ুক্ত দেৱজ্যোতি হাজৰিকা উপস্থিত থাকে ।

এই প্ৰতিযোগিতাত স্বচ্ছ স্কুল খিতাপত প্ৰথম পুৰস্কাৰ লাভ কৰে পানবজাৰ স্থিত ডনবক্স' উচ্চতৰ মাধ্যমিক বিদ্যালয়ে,দ্বিতীয় পুৰস্কাৰ লাভ কৰে কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা,তৃতীয় পুৰস্কাৰ লাভ কৰে লিটিল ফ্লাৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ।

হস্পিতাল সমূহৰ প্ৰতিযোগিতাত স্বচ্ছ হস্পিতালৰ থিতাপত প্ৰথম পুৰস্কাৰ সাতগাওঁ আৰবান ডিচপেনচাৰি,দ্বিতীয় পুৰস্কাৰ লাভ কৰে পাণ্ড এফ আৰ ইউ/ পিএইচচিয়ে, আনহাতে তৃতীয় পুৰস্কাৰ লাভ কৰে বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানে ।

নাৰ্চিংহোম সমূহৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ স্বচ্ছ নাৰ্চিং হোমৰ খিতাপ তিনিখন নাৰ্চিংহোমে লাভ কৰে । স্বচ্ছ নাৰ্চিং হোমত প্ৰথম স্থান লাভ কৰে হেল্থ চিটি হস্পিতালে,দ্বিতীয় স্থান লাভ কৰে নেমকিয়াৰ চুপাৰ স্পেচিয়েলিটি হস্পিতালে আৰু তৃতীয় স্থান লাভ কৰে এপ'ল হস্পিতালে ।

হোটেলৰ মাজত স্বচ্ছতাকলৈ হোৱা প্ৰতিযোগিতাত প্ৰথম প্ৰথম পুৰস্কাৰ লাভ কৰে তাজ ভিভান্টাই,দ্বিতীয় পুৰস্কাৰ লাভ কৰে হোটেল ৰাজমহলে আনহাতে তৃতীয় পুৰস্কাৰ লাভ কৰে ন'ভটেল হোটেলে । চৰকাৰী কাৰ্যালয় সমূহৰ মাজতো অনুষ্ঠিত কৰা হয় এই স্বচ্ছ প্ৰতিযোগিতা । চৰকাৰী কাৰ্যালয়ৰ প্ৰথম স্থান লাভ কৰে নিপকো ভৱনে, দ্বিতীয় স্থান লাভ কৰে পৰ্যটন সঞ্চালকালয়ে, তৃতীয় স্থান লাভ কৰে কেন্দ্ৰীয় জল আয়োগে ।

আনহাতে আৰডব্লিউএ আৰু বজাৰ সমূহৰ মাজতো এই স্বচ্ছতাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাত আৰডব্লিউএ শিতানত প্ৰথম স্থান লাভ কৰে শুভম গ্ৰীনে, দ্বিতীয় স্থান লাভ কৰে হৰ্কিড গাৰ্ডেন, তৃতীয় স্থান লাভ কৰে চিগনেচাৰ ইষ্টেট ।

ইপিনে বজাৰ সমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পাঞ্জাবাৰী স্থিত বিপনন ক্ষেত্ৰই,দ্বিতীয় স্থান লাভ কৰে খুচুৰা বজাৰে আৰু তৃতীয় স্থান লাভ কৰে ব্ৰহ্মপুত্ৰ বজাৰে । স্বচ্ছ ভাৰত মিচনৰ প্ৰথমটো চাৰ্ভে দেশৰ ৭৩ খন চহৰত কৰা হোৱাৰ লগতে ২০২০ বৰ্ষত এই চাৰ্ভে দেশৰ ৪২৪২ খন চহৰত কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in