সকলো বন্ধঃ কোৰোনাক লৈ ৰমৰমীয়া ব্যৱসায় চলিছে মাস্ক, চেনিটাইজাৰ আৰু গ্লভছৰ..

সকলো বন্ধঃ কোৰোনাক লৈ ৰমৰমীয়া ব্যৱসায় চলিছে মাস্ক, চেনিটাইজাৰ আৰু গ্লভছৰ..

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ লগতে বিভিন্ন দেশৰ বিশেষজ্ঞ গোটৰ প্ৰতিবেদনৰ আধাৰত অসমতো সৰ্বসাধাৰণ ৰাইজে কোৰোনাক প্ৰতিহত কৰিবৰ বাবে পালন কৰিব লগা বিধি-বিধানৰ ক্ষেত্ৰত নিত্য নতুন ব্যৱস্থাৰ সংযোজনে দুৰ্গত ৰাইজক একপ্ৰকাৰ জীয়াতু ভোগাইছে।

ইফালে কোৰোনাতংক বিয়পাই দি ৰাইজক কঠোৰ নীতি-নিয়ম মানিবলৈ বাধ্য কৰোৱা চৰকাৰী একাংশ অসাধু ব্যৱসায়ী মাস্ক, চেনিটাইজাৰ, হেণ্ড গ্লভছ, হোম চেনিটাইজেশ্যন, চেনিটাইজাৰ মেচিন আদিৰ বেহাৰে লুটপাত চলোৱাৰ পথ মোকলাই দিয়া বুলি অভিযোগ উঠিছে। কিন্তু শাক-পাচলি, মাছ আদি সাধাৰণ ব্যৱসায়ীয়ে কেইবাগুণ দামত লকডাউনৰ সুযোগ লৈ গ্ৰাহকক লুটাৰ অভিযোগ সততে উত্থাপিত হ'লেও চিকিতসা সজুঁলিৰ বেহা সন্দৰ্ভত সবিশেষ তথ্য লাভ নকৰাৰ বাবেই এইবোৰ বিষয়ক লৈ চিকিতসা সংস্থা, প্ৰশাসন অথবা সংবাদ মাধ্যম প্ৰচাৰৰ পৰা বিৰত আছে।

অৱশ্যে ইতিপূৰ্বে এইকথা প্ৰকাশ পাইছে যে, প্ৰভাৱশালী একাংশ বণিয়াই চৰকাৰ তথা স্বাস্থ্য মিছন অভিযানৰ উৰ্ধতম কৰ্তৃপক্ষক প্ৰভাৱিত কৰি পি পি ই কিটৰ পৰা শেহতীয়াভাৱে ভাৱে হেণ্ড গ্লভছৰ লৈকে বিভিন্ন সামগ্ৰী সৰ্ব সাধাৰণ ৰাইজকো কিনিবলৈ বাধ্য কৰাই কোটি কোটি টকা কৌশলেৰে সৰকাই নিছে।কোৰোনা আতংক প্ৰচাৰৰ প্ৰাথমিক পৰ্যায়তে চীনৰ পৰা পোনে পোনে অসমলৈ আমদানি কৰা ব্যৱহাৰৰ অনুপযুক্ত চীনৰ পি পি ই কিট প্ৰায় ২০কোটি টকাত ক্ৰয় কৰাৰ পিছত কিদৰে ঠিকাদাৰৰ ভৰাঁলত পেলাই থব লগা হ'ল সেই কথা ৰাইজে জানে।

অথচ, চীনত বিমানত এই কিট সমূহ ভৰোৱাৰ পূৰ্বেই অসমৰ দুজনমান প্ৰভাৱশালী ব্যৱসায়ী আৰু নেতাৰ সহযোগত কেইগৰাকীমান বহিৰাগত ব্যৱসায়ীয়ে সমুদায় ধন আদায় কৰি নিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চেনিটাইজাৰৰ নামত একেটা চক্ৰই চলালে এক বৃহৎ বেহা।

যি চেনিটাইজাৰ, এন৯৫ মাস্ক, হেণ্ড গ্লভছ আদি মহাৰাষ্ট্ৰ, দিল্লীত ক্ৰমে প্ৰতি লিটাৰৰ বটলত ৭০ টকা (অসমত ৭০০টকা), এন৯৫ মাস্ক ৪৫টকা (অসমত২০০-৩০০টকা) হেণ্ড গ্লভছ (ONE TIME USE) ৫টকা (অসমত ২০-৫০টকা)। এইদৰে বিক্ৰী কৰি যিয়ে যিধৰণে পাৰে সেইধৰণে আতংকিত ৰাইজৰ ওপৰত লুটপাত চলাইছে।

এই বিষয়ে চৰকাৰ বাৰুকৈয়ে অৱগত। আনকি আবকাৰী বিভাগক প্ৰতি আধালিটাৰৰ চেনিটাইজাৰৰ বটলত ১৭০টকাকৈ দৰ নিৰ্ধাৰণ কৰি ৩লাখ ৫০হাজাৰ বটল যোগানৰ নিৰ্দেশ দিয়াৰ পিছতো সেইয়া অনানুষ্ঠানিকভাৱে বাতিল কৰি কেৱল কমিছনৰ স্বাৰ্থত জি ডি ফাৰ্মাচিউটিকেল আৰু দুটামান সংস্থাক কেইবাকোটি টকাৰ দৰত চেনিটাইজাৰ যোগানৰ ঠিকা প্ৰদান কৰা হ'ল, সেই বিষয়ে সকলো তথ্য সদৰি কৰাৰ পিছতো চৰকাৰে সেয়া নিয়ন্ত্ৰন নকৰিলে।

এই কথাও চৰকাৰে জানে যে, এই ব্যৱসায়িক সংস্থাকেইটাৰ পৃষ্ঠপোষকতাতে কিছু থলুৱা ব্যৱসায়ীয়ে পূৰ্বৰ ব্যৱসায় দি সংস্থাকেইটাই যোগান ধৰা মাস্ক, চেনিটাইজাৰ মেচিন, হেয়াৰ কে'প, হেণ্ড গ্লভছ, হোম চেনিটাইজেশ্যন আদিৰ লাভজনক ব্যৱসায়ত নামি সৰ্বসাধাৰণ ৰাইজৰ অজ্ঞতাৰ সুযোগ লৈ যোৱা দুটা মাহতে বহুকোটি টকা সৰকাই নিছিল।

ফুটপাথৰ পাচলি বা মাছ বেপাৰীৰ ওপৰত বীৰত্ব দেখুওৱা প্ৰশাসনে অৱশ্যে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা ল'ব নোৱাৰে। কিয়নো এই সামগ্ৰীসমূহক লৈ গঢ় লৈ উঠা চিণ্ডিকেটৰ পৃষ্ঠপোষকে দিছপুৰৰ পৰাই সকলো পৰিছালনা কৰে। ওলোটাই এওঁলোকৰ স্বাৰ্থপূৰণৰ বাবে মঙলবাৰে প্ৰশাসনে শাক-পাচলি, গেলামালৰ দোকানী আদিৰ লগতে এনে সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা লোকেও হেণ্ড গ্লভছ পিন্ধাটো বাধ্যতামূলক কৰি গ্লভছৰ ব্যৱসায় ক্ষেত্ৰখন প্ৰসাৰিত প্ৰচেষ্ঠা চলোৱা বুলিও অভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in