চীনত অনুষ্ঠিত হ’বলগীয়া দবা চেম্পিয়নশ্বিপলৈ মনোনীত গুৱাহাটীৰ শিশু…

চীনত অনুষ্ঠিত হ’বলগীয়া দবা  চেম্পিয়নশ্বিপলৈ মনোনীত গুৱাহাটীৰ শিশু…

ডিজিটেল সংবাদ, গুৱাহাটীঃ আন্ত:ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপলৈ মনোনীত হৈছে গুৱাহাটী মহানগৰীৰ এটি ১০ বছৰীয়া শিশু। শিশুটিৰ নাম মায়ংক চক্ৰৱৰ্তী। মহানগৰীৰ চাউথ পইন্ট স্কুলৰ ৫ম শ্ৰেণীত পঢ়ি থকা মায়ংকে চীনত অনুষ্ঠিত হবলগীয়া "বিশ্ব কেডেটচ দবা চেম্পিয়নশ্বিপ ২০১৯" প্ৰতিযোগিতালৈ মনোনীত হৈছে। উল্লেখ্য যে মহানগৰীৰ আদাবাৰীৰ তিনিআলিৰ বাসিন্দা এই শিশুটোৱে ৰাজ্য চৰকাৰৰ উপযুক্ত প্ৰশিক্ষণৰ বিপৰীতে নিজৰ সাধনাৰ চেষ্টাৰে সম্প্ৰতি প্ৰস্তুতি চলাইছে।

ইতিমধ্যে পূৰ্বেও শ্ৰীলংকাত অনুষ্ঠিত হৈ যোৱা এছিয়ান য়ুথ দবা চেম্পিয়নশ্বিপত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল এই গৰাকী শিশু মায়ংক চক্ৰৱৰ্তীয়ে। তদুপৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ডবা খেল প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে সন্মান বুটলিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in