গুৱাহাটীৰ মাজমজিয়াত ভাড়াঘৰক কেন্দ্ৰ কৰি আক্ৰমণৰ বলি সাংবাদিক…

গুৱাহাটীৰ মাজমজিয়াত ভাড়াঘৰক কেন্দ্ৰ কৰি আক্ৰমণৰ বলি সাংবাদিক…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত সাংবাদিকৰ নিৰাপত্তা দিশটো যে সুৰক্ষিত নহয়, সেয়া পুনৰ পোহৰলৈ আহিছে গুৱাহাটীত সাংবাদিকৰ আক্ৰমণৰ ঘটনা। এইবাৰ খোদ গুৱাহাটী মহানগৰীতে এগৰাকী সাংবাদিকক ভাড়াঘৰৰ ৰখীয়াই আক্ৰমণ কৰাৰ লগতে সাংবাদিকক লৈ ভাবুকি প্ৰদান কৰিবলৈ লয়।

উল্লেখ্য যে দীৰ্ঘদিন দিন ধৰি মহানগৰীৰ ভগদত্তপুৰৰ দিব্যজ্যোতি গগৈৰ ভাড়াঘৰত বাস কৰা দীপাংকৰ মেধি নামৰ দৈনন্দিন কাকতখনত কৰ্মৰত সাংবাদিক গৰাকীক ভাড়াঘৰৰ চোৱা চিতা কৰা ব্যক্তি খৰ্গেশ্বৰ কলিতাই আক্ৰমণ কৰে । ইফালে সাংবাদিক গৰাকীয়ে ভাড়াঘৰৰ টকা পইচা তথা ঘৰ খালি কৰি দিয়াক লৈ এক বাত বিতৰ্ক লিপ্ত হৈছিল ভাড়াঘৰৰ ৰখীয়া খৰ্গেশ্বৰ কলিতাৰ সৈতে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

আনহাতে এই ঘটনা সন্দৰ্ভত সাংবাদিক মেধিয়ে ভাড়াঘৰৰ ৰখীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । সম্প্ৰতি এই সাংবাদিক আক্ৰমণৰ ঘটনাক দিছপুৰ প্ৰেছ ক্লাৱে গৰিহণা দিয়াৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in